লখিমপুৰত একেদিনাই ১১টা আদৰ্শ অংগনবাড়ী কেন্দ্ৰ উদ্বোধন মন্ত্ৰীৰ

0 55

শতাব্দ প্ৰতিনিধি,লখিমপুৰ, ১৪ আগষ্টঃ পূৰ্বৰ আওপুৰণি অংগনবাড়ী কেন্দ্ৰ সমূহৰ স্থানত আটকধুনীয়াকৈ নিৰ্মাণ কৰা ১৬টা আদৰ্শ অংগনবাড়ী কেন্দ্ৰ আজি লখিমপুৰ জিলাত শুভ উদ্বোধন কৰা হয়৷ ইয়াৰে লখিমপুৰ বিধানসভা সমষ্টিৰ ১১টা অংগনবাড়ী কেন্দ্ৰ ৰাজহ দুৰ্যোগ ব্যৱস্থাপনা আৰু পাৰ্বত্য অঞ্চল উন্নয়ন মন্ত্ৰী যোগেন মহনে কেন্দ্ৰীয় ভাৱে ন-পমুৱা আদৰ্শ অংগনবাড়ী কেন্দ্ৰৰ পৰা শুভ উদ্বোধন কৰে৷IMG 20220814 WA0071 শুভ উদ্বোধন কৰা আদৰ্শ অংগনবাড়ী কেন্দ্ৰ সমূহ হৈছে নপমুৱা অংগনবাড়ী, আলি চিগা অংগনবাড়ী, ভৰ্তি সোণোৱাল অংগনবাড়ী, আব্দুল মজিদ পথ অংগনবাড়ী, বামুণদলনী অংগনবাড়ী, চৌখাম অংগনবাড়ী, জহিং বজাৰ অংগনবাড়ী, জহিং ১৫ লাইন অংগনবাড়ী, কাকৈ ৰাজগড় গোহাঁই অংগনবাড়ী, পাৰঘাট অংগনবাড়ী আৰু ফুলবাৰী ডাম্বুকিয়াল আদৰ্শ অংগনবাড়ী কেন্দ্ৰ৷ ইয়াৰে চাপৰি গাঁৱত অৱস্থিত আব্দুল মজিদ পথ আদৰ্শ অংগনবাড়ী কেন্দ্ৰটি মন্ত্ৰীয়ে শুভ উদ্বোধন কৰে৷ তেলাহীৰ শিশু উন্নয়ন প্ৰকল্প বিষয়া মনজিত শৰ্মাই আঁতধৰা ন-পমুৱা অংগনবাড়ী কেন্দ্ৰৰ শুভ উদ্বোধনী অনুষ্ঠানত উপায়ুক্ত সুমিত সাত্তাৱানে কয়- জীৱনৰ আদিপাঠ গ্ৰহণ কৰা এই অংগনবাড়ী কেন্দ্ৰতেই শিশুৱে বিদ্যালয় যোৱাৰ অভ্যাস সুন্দৰভাৱে গঢ়ি তুলিব পাৰে৷ এটা অংগনবাড়ী কেন্দ্ৰত ২৫ লাখ টকাকৈ জিলাখনলৈ ৪০টা আদৰ্শ অংগনবাড়ী কেন্দ্ৰ নিৰ্মাণ কৰা আৱণ্টন পোৱা হৈছে৷ লখিমপুৰ বিধান সভা সমষ্টিৰ বিধায়ক মানৱ ডেকাই তেওঁৰ বক্তব্যত কয় যে আজাদী কা অমৃত মহোৎসৱত উপহাৰ স্বৰূপে এই আদৰ্শ অংগনবাড়ী কেন্দ্ৰসমূহৰ জৰিয়তে শিশুসকলে অমৃত পান কৰিব পাৰিব৷ সুন্দৰ পৰিৱেশত তেওঁলোকে শিক্ষাৰ লগতে খাদ্য গ্ৰহণ কৰি সু-নাগৰিক হৈ দেশৰ উন্নতিত অৱদান আগবঢ়াব পাৰিব৷ আজিৰ অনুষ্ঠানত অতিৰিক্ত উপায়ুক্ত মনোৰমা মৰাং, জিলা সমাজ কল্যাণ বিষয়া মুস্তাফা চেলিম আহমেদ [ভাৰপ্ৰাপ্ত], চি এল চি চি অধ্যক্ষ দুলাল চন্দ্ৰ বৰুৱা, সদস্যা জ্যোৎস্না মেদক, সমাজকৰ্মী ফণীধৰ বৰুৱা, তেলাহী উন্নয়ন খণ্ড বিষয়া ৰিয়া মেচ, লখিমপুৰ উন্নয়ন খণ্ড বিষয়া দিপুল চমুৱা, লখিমপুৰ শিশু উন্নয়ন প্ৰকল্প বিষয়া বিৰিঞ্চি বৰা, নাওবৈচা আই চি ডি এচ প্ৰকল্পৰ মুখ্য সেৱিকাসকলৰ লগতে অংগনবাড়ী কৰ্মী সহায়িকা-স্থানীয় ৰাইজ উপস্থিত থাকে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More