লখিমপুৰত এখন চুপাৰ স্পেচিয়েলিটি হস্পিতাল, দন্ত চিকিৎসা মহাবিদ্যালয় আৰু এখন নাৰ্ছিং মহাবিদ্যালয় স্থাপনৰ অনুমোদন- বিধায়ক ডেকা

লখিমপুৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য কাৰ্ড বিতৰণ আৰম্ভ

0 266

উত্তৰ লখিমপুৰ, ১২ মে:  লখিমপুৰ জিলাৰ স্বাস্থ্য বিভাগৰ উদ্যোগত আজি যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ কাৰ্যালয়ত অনুষ্ঠিত প্ৰেক্ষাগৃহত এক বিশেষ অনুষ্ঠানত আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ কাৰ্ড বিতৰণ কাৰ্যসূচী ১১১নং লখিমপুৰ বিধানসভা সমষ্টিৰ বিধায়ক মানৱ ডেকাই শুভাৰম্ভ কৰে । বিধায়ক  ডেকাই নিজৰ ভাষণত কয় যে আমাৰ এক প্ৰচলিত ব্যৱস্থা আছে, কিন্তু এই প্ৰচলিত ব্যৱস্থাৰ ওপৰত চিন্তা চৰ্চা কৰি জনসাধাৰণৰ উপকাৰৰ বাবে চিন্তা চৰ্চা কৰা ৰাজনীতিবিদ বহু কম যদিও তেনেধৰণৰ বিশেষ ৰাজনীতিবিদ আমি আমাৰ দেশৰ প্ৰধানমন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰী হিচাপে পাইছোঁ । যেতিয়া এখন ঘৰৰ এজন সদস্যৰ বেমাৰ হয় তেতিয়া সেই ঘৰখনো অৰ্থনৈতিক ভাৱে যি সমস্যাৰ সন্মুখীন হয় সেই কথাৰ অনুধাৱন কৰিযে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এই যোজনাৰ আৰম্ভণি কৰিছিল যাৰ জৰিয়তে উক্ত কাৰ্ড থকা ব্যক্তিয়ে ৫ লাখ টকালৈ চিকিৎসা সাহায্য লাভ কৰিব ।  মই আশা কৰোঁ যে অসমৰ কোনো মানুহেই এই কাৰ্ডৰ ব্যৱহাৰ কৰিব লগা নহওঁক অৰ্থাৎ কোনো মানুহেই বেমাৰৰ সন্মুখীন নোহোৱাকৈ এক সুস্থ জীৱন যাপন কৰক । কিন্তু এই কথা সম্ভৱ নহয় । মানুহৰ বেমাৰ হবই আৰু তেতিয়াই এই আয়ুষ্মান কার্ডে মানুহজনক আৰ্থিক ভাৱে সহায় কৰিব । বিধায়ক মানৱ ডেকাই আশা কৰ্মী সকলক এই কাৰ্য্য ঘৰে ঘৰে গৈ সফল কৰি তোলাৰ বাবে আশা কৰ্মী সকলক প্ৰশংসা কৰে । বৰ্তমান সময়ত লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ চালুকীয়া অৱস্থাত আছে । এনে অৱস্থাটো ৰাইজক চিকিৎসা সেৱা আগবঢ়াবলৈ চিকিৎসা মহাবিদ্যালয়ৰ কৰ্তৃপক্ষই দিনে নিশাই কষ্ট কৰি আহিছে । যদিও আগন্তুক দিনত যেতিয়া এই চিকিৎসা মহাবিদ্যালয়ৰ পৰা চিকিৎসক আহিবলৈ আৰম্ভ কৰিব তেতিয়াই ৰাইজে অধিক সুবিধা লাভ কৰিব । অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লখিমপুৰ জিলাত এখন চুপাৰস্পেচিয়েলিটি হস্পিতাল, দন্ত চিকিৎসা মহাবিদ্যালয় আৰু এখন নাৰ্ছিং মহাবিদ্যালয়ৰ অনুমোদন দিছে আৰু আগন্তুক সময়ত খুব কম দিনৰ ভিতৰতে এয়া আৰম্ভ হব তেতিয়া ৰাইজে অধিক চিকিৎসা সেৱা লাভ কৰিব বুলি বিধায়কজনে মন্তব্য কৰে । জিলাৰ উপায়ুক্ত সুমিত সত্তৱানে মন্তব্য কৰি কয় যে বৰ্তমান জিলাখনৰ ৮,৮৩,৯৪৯ জন হিতাধিকাৰীৰ ভিতৰত ৫,০৭,৮২১ জনৰ জন আৰোগ্য কাৰ্ডৰ ই কেৱাইক সম্পূৰ্ণ কৰা হৈছে। আমি আগন্তুক দিনত জিলাখনৰ ১০০% ইকেৱাইচি সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিম । ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, লখিমপুৰ জিলাৰ জিলা আঁচনি প্ৰবন্ধত দেবাংগ বিকাশ গগৈয়ে আঁত ধৰা এই অনুষ্ঠানত উপস্থিত থাকে লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ অতিৰিক্ত অধ্যক্ষ ডাক্তৰ নিখিল কাকতি, জিলাখনৰ মুখ্য চিকিৎসা ও স্বাস্থ্য বিষয়া ডাক্তৰ তৰুণ দেউৰী, মহকুমা স্বাস্থ্য বিষয়া তথা চিকিৎসা বিষয়া ডাক্তৰ কুইন বৰুৱা, ডাক্তৰ ধীৰেন শইকীয়া, ডাক্তৰ অৰ্পনা দত্ত লগতে স্বাস্থ্য বিভাগৰ অন্যান্য বিষয়া কৰ্মচাৰী সকল ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More