লখিমপুৰত কেন্দ্ৰীয় লাচিত দিৱসৰ প্ৰস্তুতি

0 27

শতাব্দ প্ৰতিনিধি, লখিমপুৰ,১৬ ছেপ্টেম্বৰ : হিন্দু যুৱ-ছাত্ৰ পৰিষদ,অসমৰ উদ্যোগত বিগত বৰ্ষৰ দৰে এইবাৰো ৰাষ্ট্ৰীয় বীৰ লাচিত বৰফুকনৰ পূণ্য তিথি ‘লাচিত দিৱস’দিৱস অহা ২৪ নবেম্বৰত কেন্দ্ৰীয়ভাৱে লখিমপুৰত অনুষ্ঠিত হব। বীৰ যোদ্ধা গৰাকীয়ে যিকোনো মূল্যৰ বিনিময়ত অসমক সুৰক্ষিত কৰি ৰাখিব বিচাৰিছিল। ঔৰংজেৱৰ দ্বাৰা প্ৰেৰিত মোগল সেনাৰ বিৰুদ্ধে লাচিত বৰফুকনৰ অভূতপূৰ্ব বিজয়,দেশভক্তি,সততা আৰু বীৰত্বৰ কীৰ্তি স্মৰণ কৰাৰ লগতে উঠি অহা নৱ প্ৰজন্মক বীৰজনাৰ আদৰ্শৰে অনুপ্ৰাণিত কৰিবলৈ আয়োজন কৰাই এই দিৱসটিৰ উদ্দেশ্য। এই মহান কাৰ্যসূচী ভাগ উদযাপনৰ বাবে যোৱা ১২ ছেপ্তেম্বৰত এখন ৰাজহুৱা সভা অনুষ্ঠিত হৈ যায়। জিলা সভাপতি যুগ্মজ্যোতি দত্তই আঁত ধৰা উক্ত সভাত সভাপতিত্ব কৰে লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ পদ্ম শৰ্মা বৰুৱাই। সভাত লাচিত দিৱস উদযাপন সমিতিৰ সভাপতি হিচাবে লখিমপুৰ চৰকাৰী পেঞ্চনাৰ সন্হাৰ সভাপতি তথা জেষ্ঠ নাগৰিক মাধৱ হাজৰিকা,কাৰ্যকৰী সভাপতি জ্যেষ্ঠ নাগৰিক বাবুল বৰা,পৃষ্ঠপোষক পদ্ম শৰ্মা বৰুৱা প্ৰধান সম্পাদক হিচাপে ড৹ ৰমেশ কুমাৰ কাকতি,সম্পাদকদ্বয় ক্রমে ৰাজীৱ সিং,মৃদুল কাকতি আৰু মনোজ শইকীয়াক লৈ এখন শক্তিশালী উদযাপন সমিতি গঠন কৰা হয়। সভাত দিৱসটিৰ লগত সংগতি ৰাখি ৰূপৰেখা সন্দৰ্ভত বিভিন্নজনে মত প্ৰকাশ কৰে। উক্ত সভাত সমাজ জীৱনৰ লগত জড়িত থকা জ্যেষ্ঠ নাগৰিক তথা গণ্যমান্য ব্যক্তিসকলৰ লগতে পৰিষদৰ কেন্দ্ৰীয় সভাপতি বলেন বৈশ্য,সাধাৰণ সম্পাদক মাধৱ দাসৰ সহিতে লখিমপুৰ জিলাৰ বিষয়ববীয়াসকলৰ লগতে জিলা সমিতিৰ অধীনস্থ আঞ্চলিক সমিতিৰ কাৰ্যকতাসকল উপস্হিত থাকে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More