লখিমপুৰত কেৰাটে প্ৰশিক্ষাৰ্থীক বেল্ট প্ৰদান

0 99

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ৭ নৱেম্বৰঃ উত্তৰ লখিমপুৰ নগৰৰ কে বি ৰোডত শনিবাৰে সন্ধিয়া ৱাডু কাই কেৰাটেৰ এক প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হৈ যায়৷ অৰ্ধ শতাধিক প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰা এই প্ৰশিক্ষণৰ লগত সংগতি ৰাখি চাৰিজন প্ৰশিক্ষাৰ্থীক ব্লেক বেল্ট প্ৰদান কৰা হয়৷ সদৌ অসম ৱাডুকাই কেৰাটেৰ মুখ্য প্ৰশিক্ষক বাবলা জামাল আৰু আবুল হুছেইনৰ তত্ত্বাৱধানত কেৰাটে প্ৰশিক্ষণ আৰু বেল্ট গ্ৰেডিং কাৰ্যসূচী সম্পন্ন হয়৷ উক্ত কাৰ্যসূচীত ইছফাকুৰ ৰহমান, অৰূপজ্যোতি চেতিয়া আৰু ফাৰহানা চুলতানাই ব্লেক বেল্ট লাভ কৰে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More