লখিমপুৰত গুণোৎসৱত অভিভাৱক মন্ত্ৰী অতুল বৰা

অমৃত সৰোবৰ পৰিদৰ্শন, জিলা প্ৰশাসনৰ সৈতে পৰ্যালোচনা সভাত অংশগ্ৰহণ

0 18

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ লখিমপুৰ, ২১ জানুৱাৰী ; কৃষি মন্ত্ৰী অতুল বৰাই আজি এদিনীয়া ভ্ৰমণ সূচী হাতত লৈ লখিমপুৰ জিলাত উপস্থিত হয়। উক্ত ভ্ৰমণ কালত লখিমপুৰৰ অভিভাৱক মন্ত্ৰীগৰাকীয়ে বৰ্তমান জিলাখনত চলি থকা গুণোৎসৱ-২০২৩ৰ প্ৰথম পৰ্যায়ৰ কাৰ্যসূচীত এগৰাকী বৰ্হিমূল্যায়ক হিচাপে অংশগ্ৰহণ কৰে। সেই উদ্দেশ্যে তেওঁ জিলাখনৰ অগ্ৰণী শিক্ষানুষ্ঠান পানীগাঁও আদর্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উপস্থিত হৈ বিদ্যালয়খনৰ প্ৰতিটো শ্ৰেণীকোঠা পৰিদৰ্শন কৰে আৰু ছাত্র-ছাত্ৰী সকলৰ শৈক্ষিক তথা সৃজনশীল প্ৰতিভাৰ উমান লয়। সেই সময়চোৱাত মন্ত্ৰীগৰাকীয়ে ছাত্র-ছাত্ৰী সকলে নিৰ্মাণ কৰা বিভিন্ন প্ৰকাৰৰ শৈক্ষিক সামগ্ৰী পৰিদৰ্শন কৰে। ইয়াৰ পিছতে তেখেতে বিভিন্ন শৈক্ষিক বিষয়ৰ ওপৰত বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰী, ছাত্র-ছাত্ৰীসকলৰ সৈতে এক মত বিনিময় অনুষ্ঠানত অংশগ্ৰহণ কৰে। লগতে তেখেতে ছাত্র-ছাত্ৰী সকলৰ সৈতে একেলগে মধ্যাহ্ন ভোজনৰো সোৱাদ লয়। উক্ত সময় চোৱাত মন্ত্ৰীগৰাকীক সঙ্গ দিয়ে জিলা উপায়ুক্ত সুমিত সত্তৱান আৰু লখিমপুৰ বিধানসভা সমষ্টিৰ বিধায়ক মানৱ ডেকাই। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত মন্ত্রীগৰাকীয়ে জাপিসজীয়াস্থিত ভাৰতীয় খাদ্য নিগমৰ ভঁৰাল প্ৰাংগণত স্থাপন কৰা ধান ক্ৰয় কেন্দ্ৰটিও পৰিদৰ্শন কৰে। তাত তেখেতে ধান বিক্রেতা কৃষকসকলৰ সৈতে এক মত বিনিময় অনুষ্ঠানত অংশগ্ৰহণ কৰি ধান বিক্ৰী সম্পৰ্কীয় বিভিন্ন সুবিধা-অসুবিধা সম্পৰ্কে বুজ লয়। ইয়াৰ পিছতে তেখেতে জিলা কৃষি বিজ্ঞান কেন্দ্ৰৰ চৌহদত নিৰ্মাণ কৰা অমৃত সৰোবৰ প্রকল্পটি পৰিদৰ্শন কৰে।ইয়াৰোপৰি মন্ত্ৰীগৰাকীয়ে জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আয়োজন কৰা এক পৰ্যালোচনা সভাতো অংশগ্ৰহণ কৰে। উক্ত সভাত উপায়ুক্ত সুমিত সত্তৱান আৰু জিলা প্ৰশাসনৰ উচ্চপদস্থ বিষয়াবৰ্গ, লখিমপুৰ বিধানসভা সমষ্টিৰ বিধায়ক মানৱ ডেকা, বিহপুৰীয়া বিধানসভা সমষ্টিৰ বিধায়ক অমিয় কুমাৰ ভূঞা, নাওবৈছা বিধানসভা সমষ্টিৰ বিধায়ক ভৰত চন্দ্ৰ নৰহ, ঢকুৱাখনা বিধানসভা সমষ্টিৰ বিধায়ক নৱ কুমাৰ দলে, বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকল উপস্থিত থাকে। সভাখনত মন্ত্ৰীগৰাকীয়ে বৰ্তমান জিলাখনত ৰূপায়িত হৈ থকা বিভিন্ন উন্নয়নমূলক আঁচনিৰ অগ্ৰগতিৰ খতিয়ান লয়।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More