লখিমপুৰত গ্ৰেপ্তাৰ ৪ দুধর্ষ ডকাইত 

লখিমপুৰৰ ১১.৫০ লাখ টকা ডকাইতি কাণ্ড, পূৰবী ডায়েৰীৰ বিতাৰক ৰঞ্জিত বৰা হত্যাকাণ্ডত জড়িত অভিযুক্তক গ্ৰেপ্তাৰ

0 16

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ লখিমপুৰ, ৭ ফেব্ৰুৱাৰীঃ লখিমপুৰ কে বি ৰোডৰ জগদম্বা হাৰ্ডৱেৰৰ ১১.৫০লাখ টকীয়া ডকাইতি কাণ্ডত জৰিত ৪জন দুধর্ষ ডকাইতক লখিমপুৰ আৰক্ষীয়ে আজি গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। জিলা আৰক্ষী অধীক্ষক বেদান্ত মাধৱ ৰাজখোৱা, অতিৰিক্ত আৰক্ষী অধীক্ষক ৰুণা নেওগে জানিবলৈ দিয়া মতে -এই ডকাইতি কাণ্ডৰ মাষ্টাৰ মাইণ্ড লখিমপুৰ দলহাটৰ প্ৰাঞ্জল শইকীয়া ওৰফে মইনা (৩৮), আলনাৰ সৈতে জড়িত থকা এলভিন সোনাৰ (৩৮) খেলমাটি বানটোৰ মেচৰ আলি ওৰফে ঠিকাদাৰ,(৪২) আৰু খেলমাটিৰ খলিলুৰ ৰহমানক (৩৭)গ্ৰেপ্তাৰ কৰে নিজ বাস গৃহৰ পৰা । উল্লেখ যে ২০২২ চনৰ ২৭ মাৰ্চৰ সন্ধ্যা প্ৰায় ৮বজাত কে বি ৰোডৰ জগদম্বা হাৰ্ডৱেৰৰ স্বত্বাধিকাৰী বিনোদ হাৰলালকাই দোকান বন্ধ কৰি গৃহাভিমুখে যাওঁতেই দুখন বাইকেৰে অহা ডকাইতৰ দলটোৱে পিষ্টল দেখুৱাই আগছি ধৰি ১১.৫০ লাখ টকা লুট কৰি নিছিল । আনহাতে আৰক্ষীয়ে জয় দেৱ মহন্ত, সজল আলি, শ্বাহ আলম ওৰফে জিন্তু নামৰ তিনিটা ডকাইতক গুৱাহাটী মেট্ৰো আৰু নলবাৰীৰ পৰা গ্ৰেপ্তাৰ কৰিছে অসম আৰক্ষীয়ে।আনহাতে ভূপেন দাস নামৰ আন এটা ডকাইত সম্প্ৰতি পলাতক অৱস্থাত আছে । লখিমপুৰ আৰক্ষী অধীক্ষক বেদান্ত মাধৱ ৰাজখোৱাই সংবাদমেলৰ জৰিয়তে স্পষ্ট কৰে যে,এই গেংটো গুৱাহাটী,নলবাৰী,কামৰূপ মেট্ৰো, মুকালমুৱা আদি স্থানত শেহতীয়াকৈ সংঘটিত হৈ থকা বিভিন্ন ধৰণৰ অপৰাধ জনিত ঘটনাত জৰিত আছিল।গুৱাহাটীৰ পাঞ্জাবাৰীৰ পূৰবী ডায়েৰীৰ বিতাৰক ৰঞ্জিত বৰাৰ হত্যাকাণ্ডৰ সৈতে জৰিত আছিল এই ধৃত গেংটো।আৰক্ষীয়ে এই গেঙৰ অন্যতম প্ৰাঞ্জল শইকীয়াৰ ঘৰৰ পৰা জব্দ কৰে এটা ইটালীত নিৰ্মিত ৭.৬৫পিষ্টল, এটা মেগজিন আৰু এজাই সজীৱ গুলীৰ লগতে AS 01 EL 6939নম্বৰৰ এখন ALTO গাড়ী । ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More