লখিমপুৰত ঘোচ লৈ গ্ৰেপ্তাৰ আৰক্ষী বিষয়া

 ভিজিলেঞ্চ-দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল এ এছ আই ডম্বৰুধৰ দত্ত

0 20

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ১১ অক্টোবৰঃ লখিমপুৰ জিলাৰ চিলনীবাৰী আৰক্ষী চকীৰ এ এছ আই ডম্বৰুধৰ দত্তই আজি এজন অভিযোগকাৰীৰ পৰা গোচৰৰ নামত ধন লোৱাৰ সময়তে ভিজিলেঞ্চ আৰু দুৰ্নীতি নিবাৰক শাখাই হাতে লোটে গ্ৰেপ্তাৰ কৰে৷ আৰক্ষী বিষয়াজনে চিলনীবাৰী আৰক্ষীচকীৰ পৰা প্ৰায় ৩০ কিলোমিটাৰ নিলগৰ পানীগাঁও চাৰিআলিত এনেদৰে ঘোচ লবলৈ যোৱাৰ সময়তে ভিজিলেঞ্চ- দুৰ্নীতি নিবাৰক শাখাই তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ বহু বিতৰ্কিত ডম্বৰুধৰ দত্তই চাকৰিৰ সময়ত বিভিন্নজনক দাবী ধমকিৰে ধন সংগ্ৰহ কৰি আহিছিল৷ লখিমপুৰ জিলাৰ তেলাহী মৌজাৰ দৌলপতাৰ নিবাসী ডম্বৰুধৰ দত্তই লখিমপুৰ সদৰ, পানীগাঁও থানা আদিত চাকৰি কৰি অহা এইজন দুৰ্নীতিগ্ৰস্ত আৰক্ষী বিষয়া আজি এনেদৰে ভিজিলেঞ্চৰ জালত পৰাত সকলোৱে সকাহ লাভ কৰিছে৷ কিয়নো হাবিলদাৰ হৈ থকাৰ সময়তো তেওঁ খাকী পোছাকত বিভিন্নজনক নিৰ্যাতন দি একপ্ৰকাৰে ধন সংগ্ৰহ কৰি আহিছিল৷ প্ৰাপ্ত তথ্য অনুসৰি আজি গৰু সংক্ৰান্ত্ৰিয় এক গোচৰৰ ভিত্তিত এজন লোকৰ পৰা নগদ কেবা হাজাৰ টকা উৎকোচ হিচাপে লোৱাৰ সময়তে এনেদৰে জালত পৰে৷ ইতিমধ্যে আৰক্ষী বিষয়াজনক অজ্ঞাত স্থানত ৰাখি দলটোৱে জেৰা অব্যাহত ৰাখিছে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More