লখিমপুৰত চুকাফাৰ ব্ৰঞ্জৰ প্ৰতিমূৰ্তি উদঘাটন

0 29

শতাব্দ লখিমপুৰ, ৩০ জুনঃ অসমত আহোম ৰাজত্বৰ পাতনি মেলি বৰ অসমৰ ভেটি গঢ়োতা স্বৰ্গদেউ চাওলুং চুকাফাৰ ব্ৰঞ্জৰ এটি প্ৰতিমূৰ্তি আজি লখিমপুৰত মুকলি কৰা হয়। মূৰ্তিটো উদঘাটন কৰে লখিমপুৰৰ বিধায়ক মানৱ ডেকাই। লখিমপুৰ জিলাৰ সদৰৰ পৰা ৭ কিলোমিটাৰ দূৰত্বৰ গণেশ মন্দিৰৰ সমীপৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ উপ-পথ(বাইপাছ) সংযোগী স্থানত মূৰ্তিটো স্থাপন কৰা হৈছে। অসম চৰকাৰৰ অনুদান, ৰাইজৰ দান-বৰঙণিৰে নিৰ্মাণ কৰি উলিওৱা প্ৰতিমূৰ্তিটো উন্মোচন কৰি লখিমপুৰৰ বিধায়ক মানৱ ডেকাই কয় – বৃহত্তৰ অসমীয়া জাতিটোক একতাৰ এনাজৰীৰে বান্ধ খুৱাই সমৃদ্ধিৰ বাটেৰে লৈ যোৱা মহান স্বৰ্গদেউজনাৰ কৰ্মৰাজি আৰু আদৰ্শক নৱপ্ৰজন্মৰ মাজত জীপাল কৰি ৰখাত এই পদক্ষেপে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব। চুকাফাৰ প্ৰতিমূৰ্তি নিৰ্মাণ সমিতিৰ সভাপতি চক্ৰ গগৈয়ে প্ৰতিমূৰ্তি নিমাৰ্ণ কৰিবলৈ ভূমি প্ৰদান কৰাৰ বাবে লখিমপুৰৰ জিলা প্ৰশাসন, বিধায়ক মানৱ ডেকাৰ তৎপৰতাত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰচেষ্টাত ২৫ লাখ টকাৰ আৰ্থিক অনুদান আগবঢ়োৱাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে । অনুষ্ঠানত শলাগৰ শৰাই আগবঢ়াই নিৰ্মাণ সমিতিৰ সম্পাদক জয় গগৈয়ে। বাৰ ফুট উচ্চতাৰ স্বৰ্গদেউ চাওলুং চুকাফাৰ সিংহাসনত অধিস্থিত মূৰ্তিটো নিৰ্মাণ কৰে প্ৰসিদ্ধ চিত্ৰ ভাস্কৰ্য শিল্পী দাদুল চলিহাই।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More