লখিমপুৰত চেঁচাৰ বানত গৃহ বন্দী শতাধিক পৰিয়াল

পুৱাই শিমলুগুৰিত বানে উটুৱাই নিলে কালভার্ট-পথ

0 20

উদ্ধাৰ অভিযানত নামিল এছ. ডি. আৰ. এফ. : আশ্রয় শিবিৰত তিনি শতাধিক পৰিয়াল

শতাব্দ প্ৰতিনিধি, লখিমপুৰ ২৮ জুনঃ লখিমপুৰ জিলাৰ লগতে চুবুৰীয়া অৰুণাচল প্রদেশত যোৱা নিশাৰ পৰা হোৱা ধাৰাষাৰ বৰষুণৰ ফলত আজি জিলাখনৰ ন ন অঞ্চল প্লাবিত হৈছে। আজি লখিমপুৰ জিলাৰ শিমলুগুৰিত তথা ৰাজগড় ৰামপুৰত চুনজুলি নদীৰ বানে এটা পথত থকা কালভার্ট উটুৱাই নিয়াৰ সলত সমগ্ৰ অঞ্চলটো বানৰ কবলত পৰিছে। ইফালে খৰস্রোতা চেঁচা নদীৰ বাঢ়নী পানীয়ে আজি লখিমপুৰ জিলাৰ ধলপুৰ মৌজাৰ ফুটাভোগত অভাবনীয় বান পৰিস্থিতিৰ সৃষ্টি কৰে। চেঁচা নদীৰ বানত ফুটাভোগ-ৰঙাজানত শতাধিক পৰিয়াল গৃহবন্দী হৈ পৰাত আজি পুৱাৰে পৰা লখিমপুৰ জিলা প্ৰশাসনৰ তৎপৰতাত এছ. ডি. আৰ. এফ. বাহিনীয়ে উদ্ধাৰ অভিযান চলায়। বানত বিধ্বস্ত এই লোকসকলক প্ৰশাসনে ধলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আশ্রয় শিবিৰত ৰখাৰ ব্যৱস্থা কৰে। উল্লেখ্য যে নেৰানেপেৰা বৰষুণৰ ফলত ফেনে ফুটুকাৰে বাঢ়ি অহা চেঁচা নদীৰ পানীয়ে আজি ৰঙাজান আৰু ফুটাভোগত এক প্ৰকাৰে জল প্রলয়ৰ সূচনা কৰে। বানৰ কবলত পৰা এই লোকসকলে হাহাকাৰ কৰাৰ লগতে ঘৰৰ ভিতৰত এডিঙি পর্যন্ত পানী উঠাত তেওঁলোক কিংকর্তব্যবিমূৰ হৈ পৰে। অৱশ্যে নাৰায়ণপুৰ ৰাজহ চক্ৰ বিষয়াৰ লগতে লখিমপুৰ জিলা প্রশাসনৰ তাৎক্ষণিক চেষ্টাত এছ. ডি. আৰ. এফ. বাহিনীয়ে পানীত আবদ্ধ হৈ পৰা লোকসকলক সুৰক্ষিত স্থানলৈ স্থানান্তৰিত কৰে। এই পর্যন্ত তিনি শতাধিক লোকক উদ্ধাৰ কৰি প্ৰশাসনে ধলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আশ্রয় শিবিৰত স্থান দিয়াৰ লগতে তেওঁলোকক সহায়ৰ ব্যৱস্থা গ্রহণ কৰিছে। একেদৰে চেঁচা, পিচলা, দ্রোপাং নদীৰ বাঢ়নী পানীয়ে ধলপুৰ মৌজাৰ ৰজাবাৰী, ভাতমৌ, খলিহামাৰী, নিদান চোৱা, মাজৰ দলনী, বৰঠেকেৰাবাৰী আদি গাঁওসমূহৰ বহু ঘৰ দুৱাৰ, কৃষি পথাৰ বুৰাই পেলোৱাৰ লগতে বহু লোকৰ পুখুৰীসমূহ পানীত ডুব যায়। ইফালে আজি ৰঙানদী, ডিক্ৰং, দ্রোপাং, শিঙৰা সোৱণশিৰি আদিৰ বাঢ়নী পানীয়েও বহু অঞ্চল প্লাবিত কৰাত বান পৰিস্থিতিয়ে অভাবনীয় ৰূপ ধাৰণ কৰিছে। বিগত দুই তিনিটা দিনত বান পৰিস্থিতি কিছু উন্নত হৈছিল যদিও যোৱা নিশাৰে পৰা হোৱা ধাৰাষাৰ বৰষুণৰ ফলত আজি পুনৰ বান পৰিস্থিতিয়ে জটিল ৰূপ ধাৰণ কৰিছে। নাওবৈচাতো বান পৰিস্থিতিয়ে জটিল ৰূপ ধাৰণ কৰাত বহু পৰিয়াল গৃহবন্দী হৈ পৰিছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More