লখিমপুৰত চৰকাৰী বিদ্যালয়ত বৰষুণত তিতি শিক্ষা গ্ৰহণ ছাত্ৰ-ছাত্ৰীৰ

0 26
শতাব্দ প্রতিনিধি, লখিমপুৰ ,২৬ মে :  ৰাজ্যৰ শিক্ষা বিভাগে যিসময়ত চৰকাৰী বিদ্যালয়সমুহত শিক্ষাৰ গুণগত মান বৃদ্ধিৰ বাবে পূৰ্ণোদ্যমে গুণোৎসৱ আয়োজন কৰি আহিছে। সেইসময়তে এতিয়ালৈকে গুণোৎসৱ আৰম্ভ নোহোৱা কিন্তু আৰম্ভ হ’বলৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত লখিমপুৰ জিলা শিক্ষাখণ্ডৰ অধীনৰ ভিতৰুৱা অঞ্চলৰ অগ্ৰণী চৰকাৰী বিদ্যালয়ৰ দুৰৱস্থাই বাৰুকৈয়ে উদ্বিগ্ন কৰি তুলিছে সেই বিদ্যালয়ৰ শিক্ষাৰ লগত জড়িত ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰীৰ আৰু স্থানীয় অভিভাৱক-ৰাইজক। এই বিদ্যালয়খন হৈছে ঘাগৰমুখ উচ্চ মাধ্যমিক বিদ্যালয়। লখিমপুৰ জিলা শিক্ষা বিভাগৰ অধীনৰ তথা ভীমপৰা পঞ্চায়তৰ অন্তৰ্গত চৰকাৰী শিক্ষাৰ উচ্চ প্ৰতিষ্ঠান এই বিদ্যালয়ৰ জৰাজীৰ্ণ অৱস্থাই সকলোৰে চকু কপালত তুলিছে। ৰাজ্যত শাসনাধিষ্ঠিত চৰকাৰখনে উন্নয়নৰ ফুলজাৰি নামাৰক কিয়, দেশৰ মানৱ সম্পদ গঢ় দিয়া এই বিদ্যালয়ৰ জৰাজীৰ্ণ অৱস্থাই শিক্ষাৰ ক্ষেত্ৰত চৰকাৰী উন্নয়নৰ ফোপোলা স্বৰূপবোৰ উন্মোচিত কৰিছে ।২০১৩ চনতে প্ৰাদেশীকৃত তথা উচ্চ আৰু মাধ্যমিক স্তৰত তিনি শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰি থকা এই বিদ্যালয়ৰ, বিদ্যালয় গৃহৰ পকীকৰণ ব্যৱস্থা আজিলৈকে নকৰিলে ৰাজ্যৰ শিক্ষা বিভাগে। ফলত যুগ ধৰি সলনি নকৰাকৈ থকা বিদ্যালয়ৰ গৃহৰ অন্যান্য স্থানৰ লগতে শ্ৰেণীকোঠাসমূহৰ ওপৰৰ টিনৰ চালিত সৃষ্টি হৈছে সৰু বৰ অজস্ৰ ফুটা। ফলত বৰষুণৰ বতৰত ফুটা হোৱা টিনৰ চালিয়েদি হোৰাহোৰে পানী সৰকি পৰি শ্ৰেণীকোঠাৰ কেঁচা মজিয়া বোকা হৈ যোৱাৰ লগতে একপ্ৰকাৰে কৃত্ৰিম বানপানীৰ দৰে পৰিৱেশৰ সৃষ্টি হৈ বিদ্যালয়ত অধ্যয়ন কৰিবলৈ অহা ছাত্ৰ-ছাত্ৰীৰ বহী কিতাপ, কাপোৰ কানি সকলো তিতি বুৰি এক অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি হয়। কিন্তু উপায়ন্তৰ হৈ বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলে তেনে এক পৰিস্থিতিৰ মাজতো যেনেকৈ শিক্ষা প্ৰদান কৰিবলৈ বাধ্য হৈ আছে তেনেকৈয়ে ছাত্ৰ-ছাত্ৰী সকলেও বিষম প্ৰতিকুল পৰিস্থিতিতো শিক্ষাগ্ৰহণ কৰিবলৈ বিদ্যালয়ত উপস্থিত থাকি নিজৰ ধৈৰ্য্যৰ পৰীক্ষা দিছে।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More