লখিমপুৰত জুবিনৰ সংগীতানুষ্ঠান ৰণক্ষেত্ৰলৈ পৰ্যবসিত

হতা-হতি, মাৰপিট, আৰক্ষীৰ লাঠী চালনাঃ মহিলা-যুৱতীসহ বহুজন আহত: শিলাবৰ্ষণ

0 99

শতাব্দ প্ৰতিনিধি, লখিমপুৰ ৭মেঃ যোৱা নিশা ৰণক্ষেত্ৰলৈ যেন পৰ্যবসিত হয় লখিমপুৰ কেন্দ্ৰীয় ৰঙালী উৎসৱ ২০২২ । উত্তৰ লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত কেন্দ্ৰীয় ৰঙালী উৎসৱৰ সামৰণিৰ সাংস্কৃতিক কাৰ্যসূচীত যোৱা নিশা প্ৰায় ১ বজাত গীত পৰিবেশন কৰিছিল যুৱপ্ৰজন্মৰ হাৰ্টথব জুবিন গাৰ্গে। পিছে জুবিন গাৰ্গে মঞ্চত প্রবেশ কৰি গীত গাই থকাৰ সময়তে ঘটিল অথন্তৰ। একাংশ উদণ্ড যুৱকে মঞ্চলৈ লক্ষ্য কৰি শিলগুটি নিক্ষেপ কৰে।যাৰ ফলত জুবিনৰ চাউণ্ড চিষ্ট্ৰেমৰ অপাৰেটৰ উঠি আহি বাধা প্ৰদান কৰিব লগা হয় ।এনেসময়তে জুবিন গাৰ্গে গীত পৰিবেশন নকৰো বুলি হুংকাৰ দিবলৈ বাধ্য হয়।অৱশ্য উদ্যোক্তাসকলৰ প্ৰচেষ্টাত জুবিন গাৰ্গে পুনৰ গীত গাবলৈ ধৰে। পিছে জুবিনৰ গীতৰ তালে তালে একাংশ যুৱক উদ্দাম নৃত্যত মচগুল হৈ পৰে যদিও বেৰিকেদৰ বাহিৰত হাজাৰ হাজাৰ যুৱকে উত্তাল কৰি তোলে। আৰক্ষী,স্বেচ্ছাসেৱক বাহিনীয়ে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আপ্রাণ চেষ্টা চলায় যদিও পিছত বাহৰ বেৰিকেদ ভাঙি হাজাৰ হাজাৰ দৰ্শক জুবিনৰ মঞ্চৰ কাষলৈ ঢপলিয়াই আহে।যাৰ ফলত খেলপথাৰত থকা বহু সংখ্যক মহিলা, যুৱতী ,শিশু ঠেলা হেচাত আহত হব লগা হয়। উপায়ন্তৰ হৈ আৰক্ষীয়ে উদণ্ড যুৱকক নিয়ন্ত্ৰণ কৰিবলৈ লাঠীচালনা কৰিব লগা হয়।লক্ষ্যণীয় ভাৱে স্বেচ্ছাসেৱক বাহিনীয়েও হাতে হাতে লাঠী লৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা কৰিও ব্যর্থ হয়।উদণ্ড যুৱক-দৰ্শকৰ শিলাবর্ষণত আহত হব লগা হয় আৰক্ষীৰ লগতে স্বেচ্ছাসেৱক বাহিনীৰ বহু সদস্য। উদণ্ড যুৱকে বিহুতলীৰ শতাধিক চকী ভাঙি চুৰ্চুমৈ কৰে। আক্রমণ প্রতি আক্ৰমণত কম বেছি পৰিমাণে আহত হয় শতাধিক লোক। বিহুতলিত আনকি সৃষ্টি হয় বহু খণ্ড যুদ্ধ মাৰ পিট, কাজিয়া। দুই এজন লোক চুৰিকাঘাতত আহত হয়। উদ্যোক্তাৰ লগতে আৰক্ষী বাহিনীয়ে দৰ্শক সকলক শান্তি পূৰ্ণ পৰিবেশত বিহু উপভোগ কৰিবলৈ বাৰে বাৰে অনুৰোধ জনোৱা স্বত্তেও একাংশ সুৰাপায়ী উদণ্ড যুৱকে তালৈ ভ্ৰূক্ষেপ নকৰি লখিমপুৰৰ মান সন্মান স্তিমিত কৰি তোলা কাৰ্যই আজি লখিমপুৰত ব্যাপক চৰ্চা লাভ কৰে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More