লখিমপুৰত তিনি দুবৃৰ্ত্তই মহিলাক দলবদ্ধ ধৰ্ষণ কৰি মুমূৰ্ষু অৱস্থাত পেলাই থৈ গ’ল জংঘলত

আৰক্ষীৰ তদন্ত আৰম্ভ

0 13

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ১২ অক্টোবৰঃ লখিমপুৰ জিলাৰ লীলাবাৰী আৰক্ষী চকীৰ অন্তৰ্গত ৰাজগড় বঙালীত মঙ্গলবাৰে সন্ধিয়া এগৰাকী মহিলাক তিনি দুবৃৰ্ত্তই ধৰ্ষণ কৰি জংঘলত পেলাই থৈ যোৱা ঘটনাই সমগ্ৰ লীলাবাৰী অঞ্চলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ লীলাবাৰী আৰক্ষী সূত্ৰে জানিবপৰা অনুসৰি চিনাতলীয়া বাগানৰ নিবাসী এগৰাকী ২৮ বছৰীয়া বিবাহিত মহিলাক তিনি দুবৃৰ্ত্তই অজ্ঞাত স্থানত দলবদ্ধ ধৰ্ষণ কৰি মুমূৰ্ষু অৱস্থাত কদম বাগানত পেলাই থৈ যায়৷ আৰক্ষীয়ে সন্ধিয়া খবৰ লাভ কৰি মহিলাগৰাকীক উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰাৰ পিছত আজি আৰক্ষীয়ে অসহায় মহিলাগৰাকীক উত্তৰ লখিমপুৰ নগৰৰ কে বি ৰোডত থকা ‘সখী’ নামৰ স্বেচ্ছাসেৱী সংস্থাত চমজাই দিয়ে৷ প্ৰাপ্ত তথ্য অনুসৰি স্বামীৰ পৰা আঁতৰি অহা মহিলাগৰাকীয়ে নিতৌ অৰুণাচলৰ কাকৈত কাম কৰি জীৱিকা নিৰ্বাহ কৰি আহিছিল৷ মঙ্গলবাৰে বিয়লি তেওঁ কাকৈত অৰুণাচলীৰ ঘৰত কাম কৰি ঘূৰি অহাৰ পথত এখন ৱেগনাৰ গাড়ীয়ে মহিলাগৰাকীক চিনতলীয়াৰ ঘৰলৈ আনিব বুলি গাড়ীত উঠাই লয়৷ উক্ত গাড়ীখনত সেই সময়ত আছিল তিনিজন যুৱক ক্ৰমে কাকৈ জালোৱা বস্তিৰ নাজিৰ আলি, ৰাজীৱ আলি আৰু মোতালেব আলি৷ উক্ত দুবৃৰ্ত্ত কেইটাই মহিলাগৰাকীক মদ্যপান কৰোৱাই তেওঁক ধৰ্ষণ কৰা বুলি আজি লীলাবাৰী আৰক্ষীক মহিলাগৰাকীয়ে এজাহাৰ দাখিল কৰাত উক্ত এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে গোচৰ পঞ্জীয়ন কৰি তদন্ত অব্যাহত ৰখা বুলি লীলাবাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াই জানিবলৈ দিয়ে৷ ধৰ্ষণকাৰীক উপযুক্ত শাস্তি প্ৰদানৰ দাবী জনাইছে স্থানীয় ৰাইজ আৰু দল-সংগঠনে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More