লখিমপুৰত দুদিনীয়াকৈ লাচিত দিৱস

0 38

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২২ নৱেম্বৰঃ বীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্মজয়ন্তী লাচিত দিৱসটি এইবাৰ লখিমপুৰৰ ত্যাগক্ষেত্ৰত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে কেন্দ্ৰীয় ভাৱে অনুষ্ঠিত কৰা হৈছে৷ হিন্দু যুৱ ছাত্ৰ পৰিষদ, লখিমপুৰ জিলা সমিতিৰ উদ্যোগত আৰু লখিমপুৰবাসী ৰাইজৰ সহযোগত ২৩-২৪ নৱেম্বৰত অনুষ্ঠিত কৰা এই কাৰ্যসূচীত ৰাইজৰ উপস্থিতি আৰু সহায় সহযোগিতা কামনা কৰিছে উদযাপন সমিতিৰ সভাপতি মাধৱ হাজৰিকা আৰু প্ৰধান সম্পাদক ড॰ ৰমেশ কুমাৰ কাকতিয়ে৷ দুয়োদিনাৰ কাৰ্যসূচীত বীৰজনাক বিশেষ ভাৱে সোঁৱৰণ কৰা হ’ব৷ তদুপলক্ষে হিন্দু যুৱ ছাত্ৰ পৰিষদ অসমে চিত্ৰাংকন প্ৰতিযোগিতা, থলুৱা খাদ্য সম্ভাৰৰ বিপনী আদিৰ লগতে দিহানাম, বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰা আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ মুকলি সভা অনুষ্ঠিত কৰা হৈছে বুলি পৰিষদৰ লখিমপুৰ জিলা সমিতিৰ সভাপতি যুগ্মজ্যোতি দত্তই জানিবলৈ দিছে৷ আনহাতে সমান্তৰাল ভাৱে ৰাজ্য চৰকাৰৰ নিৰ্দেশত লখিমপুৰ জিলা প্ৰশাসনেও ২৪ নৱেম্বৰত বৰ্ণাঢ্য কাৰ্যসূচীৰে লখিমপুৰ জিলা পুঁথিভৰাল প্ৰাংগণত বীৰজনাৰ চাৰিশ বছৰীয়া জন্মজয়ন্তীৰ আয়োজন কৰিছে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More