লখিমপুৰত নিৰ্মাণৰ তিনিমাহতে বখলা-বখলে এৰাইছে পকী পথ

লোক নিৰ্মাণ বিভাগৰ কামৰ নমুনাঃ মৈদমীয়াত  বিধবস্ত ৩ কোটি টকীয়া পথ 

0 20

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২৯ আগষ্টঃ লখিমপুৰৰ বৰ্তমানৰ লোকনিৰ্মাণ বিভাগ আৰু পূৰ্বৰ গড়কাপ্তানি পথ সংমণ্ডলৰ অন্তৰ্গত মৈদমীয়া চুতীয়াকাড়ীত এটি পকী পথ নিৰ্মাণৰ পিছতে বখলা বখলে এৰাই যোৱা কাৰ্যই ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ প্ৰায় ৩ কোটি টকীয়া এই পথ নিৰ্মাণত ঠিকাদাৰে ব্যাপক অনিয়ম সংঘটিত কৰা বাবেই এনেদৰে পথটো বিধবস্ত হৈ পৰা বুলি অভিযোগ উত্থাপিত হৈছে৷ লখিমপুৰৰ লোক নিৰ্মাণ বিভাগৰ কাৰ্যবাহী অভিযন্তা, বিষয়া-কৰ্মচাৰীসকলৰ হেমাহী আৰু দুৰ্বলতাৰ বাবেই নতুনকৈ নিৰ্মাণ কৰা পথটো এনেদৰে একপ্ৰকাৰে বিধবস্ত হৈ পৰিছে৷ প্ৰাপ্ত তথ্য অনুসৰি মাহৰা ১ নং বৰচাপৰিৰ পৰা মৈদমীয়া হৈ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সংযোগ হৈছেএই পথটো ৷ এ এচ ১৫-৬০৮ নং পেকেজৰ প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত নিৰ্মাণ কৰা এই পথটোৰ নিৰ্মাণৰ বাবে চৰকাৰে ৩০৬.৮৩ লাখ টকা আৱণ্টন দিয়াৰ পিছতো বিভাগীয় ঠিকাদাৰ সীমান্ত গগৈয়ে পথটো সঠিক ভাৱে নিৰ্মাণ নকৰাৰ বাবেই এনেদৰে এতিয়া বখলা বখলে এৰাবলৈ লৈছে। লোক নিৰ্মাণ বিভাগৰ লখিমপুৰ-নাওবৈচা আৰু বিহপুৰীয়া টেৰিটৰিয়েল পথ সংমণ্ডলৰ অন্তৰ্গত এই পথটো মৈদমীয়া, চুতীয়াকাড়ী আদিত বিটুমিনৰ প্ৰলেপ আঁতৰি যোৱাত পথটো একপ্ৰকাৰে কেবাঠাইত ভাগিবলৈ লৈছে৷ স্থানীয় ৰাইজে পথটো নিৰ্মাণৰ সময়ত প্ৰাককলন অনুসৰি নিৰ্মাণ কৰিবলৈ দাবী জনোৱাৰ পিছতো ঠিকাদাৰে বিভাগীয় বিষয়া কৰ্মচাৰীৰ লগত মিলিত হৈ অতি নিম্ন মানেৰে পথটো নিৰ্মাণ কৰাৰ বাবেই এতিয়া এই পথটো একপ্ৰকাৰে ভাগিবলৈ আৰম্ভ কৰিছে৷ ফলত নৱনিৰ্মিত পথটো ঠায়ে ঠায়ে যাতায়াতৰ বাবে অনুপযোগী হৈ পৰিছে৷ আলকতৰা আৰু শিলৰ মিশ্ৰণ এৰাই যোৱাৰ ফলত পথটো বিধ্বস্ত হৈ পৰাত স্থানীয় ৰাইজে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে৷ উল্লেখ্য যে উক্ত পথটোৰ নিৰ্মাণ কাৰ্য প্ৰায় তিনিমাহৰ পূৰ্বেহে সম্পূৰ্ণ হৈছিল৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More