লখিমপুৰত নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পিছত ১১ বছৰেও মুকলি নহ’ল ৯ কোটি টকীয়া তাৰকাগৃহ

অ-সামাজিক কার্যকলাপ ৰোধৰ বাবে তাৰকাগৃহৰ চৌহদত আৰক্ষী মোতায়ন

0 22

শতাব্দ প্ৰতিনিধি, লখিমপুৰ ২১ জুন : লখিমপুৰ নগৰৰ পৰা প্ৰায় ৩ কিলোমিটাৰ নিলগৰ চুতিয়াকাৰীত ২০১১ চনতে নিৰ্মাণ কৰা তাৰকাগৃহটো বিগত ১১ বছৰেও মুকলি নহ’ল। প্রায় ৯ কোটি টকাৰ বায় সাপেক্ষে নিৰ্মাণ কৰা এই তাৰকাগৃহটো এতিয়া অ-সামাজিক কাৰ্যকলাপৰ ঘাটিলে পর্যবসিত হৈছে। যাৰ বাবে প্ৰশাসনে এই গৃহটো সুৰক্ষাৰ বাবে এতিয়া আৰক্ষী মোতায়ন কৰিব লগা পৰিস্থিতিৰ উদ্ভৱ হৈছে। ২০১১ চনত অসম বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ অধীনত তেতিয়াৰ গড়কাপ্তানি গৃহ নির্মাণ বিভাগে তাৰকাগৃহটিৰ মূল ভবনটি ২০১৬ চনতে নির্মাণ কার্য সম্পূৰ্ণ কৰিলে যদিও চৰকাৰী হেমাহিৰ বাবে আজিকোপতি তাৰকাগৃহটিত যাবতীয় সামগ্রী সংযোজনেৰে কাৰ্যক্ষম হৈ নুঠিল। ফলত এতিয়া নৱনিৰ্মিত গৃহৰ চৌদিশে হাবি-জংঘলেৰে ভৰি পৰাৰ লগতে গৃহটিৰ চৌহদত গৰু-ছাগলীৰ আৱাস স্থলীলৈ ৰূপান্তৰ হোৱাৰ উপৰি এই গৃহটিৰ চৌহদত মদ-ভাঙ, জুৱাৰ আড্ডাকে ধৰি বিভিন্ন অসামাজিক কার্য কলাপৰ ঘাটিলৈ পর্যবসিত হৈছে। উল্লেখ্য যে প্রায় ১৫ বিঘা মাটিৰে আগুৰা ক্ষেত্ৰত নিৰ্মিত তাৰকাগৃহটিৰ লগত চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ আৱাসগৃহ, সুৰক্ষা কৰ্মীৰ আবাস গৃহ আৰু অন্যান্য তিনিটাকৈ আবাসগৃহ ৯ কোটি টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হয় যদিও প্রয়োজনীয় যন্ত্রপাতি, ইণ্টাৰনেট সংযোগৰ ব্যৱস্থা আদি সম্পূৰ্ণ হৈ নুঠাত তাৰকাগৃহটিৰ অৱস্থা শোচনীয় হৈ পৰিছে। ওৱাহাটীৰ আই এচ, ট্রেডিং আৰু এম, এচ. বিল্ড বৰ্ট ট্রেড এণ্ড ইঞ্জিনিয়াৰৰ্ছ নামৰ ঠিকাদাৰী প্ৰতিষ্ঠানদ্বয়ে নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰে যদিও তাৰকাগৃহটিত যন্ত্রপাতিৰ সংযোগ, ইণ্টাৰনেট সংযোগ আদি সম্পূৰ্ণ নোহোৱাত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগে নির্মাণ সম্পূৰ্ণ হোৱা তাৰকাগৃহটি চমজি লোৱা নাই। যাৰ ফলত বিগত কেইবাটাও বছৰ ধৰি প্ৰশাসনৰ হেমাহিৰ বাবেই আজিকোপতি লখিমপুৰ ধেমাজিবাসীয়ে তাৰকাগৃহটিৰ পৰা কোনো উপকৃত নহ’ল। লক্ষণীয় কথা যে দীর্ঘদিন ধৰি মুকলি নোহোৱা কোটি টকাৰ ব্যয় সাপেক্ষে নির্মাণ হোৱা এই তাৰকাগৃহটি লখিমপুৰৰ লোক নিৰ্মাণ বিভাগৰ তত্ত্বাৱধানত নির্মাণ প্রায় সম্পূর্ণ হয়। শেহতীয়াকৈ লোক নির্মাণ বিভাগে আগন্তুক এটা মাহৰ ভিতৰত তাৰকাগৃহটি কার্যক্ষম কৰি তুলিব বুলি ব্যক্ত কৰিছে যদিও সম্প্ৰতি গছ লতাৰে চানি ধৰা এই গৃহটি গৰু-ছাগলীৰ আৱাস স্থলীলৈ পর্যবসিত হোৱাৰ পিছতো স্থানীয় জন প্রতিনিধিয়ে এই ক্ষেত্ৰত কোনো কার্যকৰী ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই। উল্লেখ্য যে এই গৃহটিৰ আইনা-খিৰিকীকে ধৰি বহু মূল্যবান সামগ্ৰী এতিয়া দুৰ্বৃত্তই ক্ষতি সাধন কৰিবলৈ ধৰিছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More