লখিমপুৰত বিশেষ সম্বৰ্ধনা অনুষ্ঠান 

0 21

উত্তৰ লখিমপুৰ, ২ জুনঃ লখিমপুৰ শিক্ষা খণ্ডৰ সমূহ বিষয়া -কৰ্মচাৰী আৰু মণ্ডল সমল কেন্দ্ৰ সমন্বয়কৰ উদ্যোগত আজি লখিমপুৰ পানীন্দ্ৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত এখন সম্বৰ্ধনা সভা অনুষ্ঠিত হয়।উক্ত সভাত গুণোৎসৱ ২০২৩ত A+ grade প্ৰাপ্ত মুঠ ৭৩ খন বিদ্যালয়ৰ লগতে সদ্য নিযুক্তি প্ৰাপ্ত লখিমপুৰ শিক্ষা খণ্ডৰ ৪ জন প্ৰাক্তন দিব্যাংগ ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়। বিয়লি ১ বজাত খণ্ড প্ৰাথমিক শিক্ষা বিষয়া ইজাজুল হুছেইনৰ সভাপতিত্বত অনুষ্ঠিত সভাখনিৰ আঁত ধৰে সমল ব্যক্তি পংকজ হাজৰিকাই । অনুষ্ঠানত প্ৰতিজন সম্বৰ্ধিত ব্যক্তিক একোখন অভিনন্দন পত্ৰ , একোটি উপহাৰ আৰু এটি গছ পুলি প্ৰদান কৰা হয়। আয়োজক সমিতিৰ যুটীয়া সম্পাদক ধীৰুমণি শইকীয়াৰ নেতৃত্বত ভালেকেইটা সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়। সভাত উদ্বোধনী ভাষণ ৰাখে মধ্য ইংৰাজী শিক্ষক সন্থাৰ জিলা সম্পাদক বিপুল বৰুৱাই, আদৰণি ভাষণ ৰাখে ইজাজুল হুছেইনে, বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি লখিমপুৰ জিলাৰ উপায়ুক্ত সুমিত সাত্তাৱনে ভালেকেইটা গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত বক্তব্য ৰাখে। ইয়াৰ উপৰি সভাত জিলা আঁচনি বিষয়া নিভাৰাণী শইকীয়া, বিদ্যালয় সমূহৰ উপ-পৰিদৰ্শক দেৱৰাম কুটুম, অৱসৰপ্ৰাপ্ত শিক্ষক উত্তম বৰুৱাৰ লগতে শিক্ষক সংস্থাৰ প্ৰতিনিধি সকল, মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক সকল উপস্থিত থাকে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More