লখিমপুৰত ভূমি পঞ্জীয়নৰ নামত ধনৰ লেন-দেন

উত্তৰ লখিমপুৰ ৰাজহ চক্ৰ কাৰ্যালয়ৰ উচ্চ বৰ্গৰ সহায়কসহ গ্ৰেপ্তাৰ ২। গৰাকীৰ অজ্ঞাতে চিঠা বহীৰ পৰা নাম কৰ্তনৰ প্ৰতিবাদত উত্তপ্ত পৰিস্থিতি।

0 22

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ৫ ডিচেম্বৰ : উত্তৰ লখিমপুৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত বক্ৰ পথেৰে বৃহৎ পৰিমাণৰ ধনৰ লেনদেনৰে ভূমি পঞ্জীয়ন কৰা এজন বিষয়াসহ এজন দালাল যোৱানিশা আৰক্ষীৰ জালত পৰে৷ আৰক্ষীৰ জালত পৰা এই লোক দুজন হৈছে উত্তৰ লখিমপুৰ ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ উচ্চ বৰ্গৰ সহায়ক নন্দন বৰা আৰু মাটিৰ দালাল দেৱকৃষ্ণ দত্ত৷ উত্তৰ লখিমপুৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া মিনাক্ষী পামেৰ এজাহাৰ মৰ্মে যোৱা নিশা আৰক্ষীয়ে নন্দন বৰাক লীলাবাৰীৰ ঘৰৰ পৰা আৰু দেৱকৃষ্ণ দত্তক লখিমপুৰ চি ডি ৰেডৰ ঘৰৰ পৰা গ্ৰেপ্তাৰ কৰে৷ আৰক্ষীয়ে ৰাজহ চক্ৰ বিষয়াৰ এজাহাৰৰ ভিত্তিত এটা গোচৰ পঞ্জীয়ন কৰি দুয়োকে গ্ৰেপ্তাৰ কৰে৷ উল্লেখ্য যে ২০২২ চনৰ নৱেম্বৰত দেৱকৃষ্ণ দত্তৰ ভূমি পঞ্জীয়ন বক্ৰপথেৰে হোৱাৰ বিষেয়ে চক্ৰ বিষয়াৰ দৃষ্টিগোচৰ হোৱাত উক্ত গোচৰটো বাতিল প্ৰক্ৰিয়া আৰম্ভ হয়৷ চক্ৰ বিষয়াৰ অভিযোগ মৰ্মে উক্ত পঞ্জীয়নভুক্ত গোচৰটোত স্বাক্ষৰ কৰিছিল নন্দন বৰাই৷ এই সন্দৰ্ভত চক্ৰ বিষয়াই নন্দন বৰাৰ পৰা কৈফিয়ৎ বিচৰাত নন্দন বৰা বিষয়টোৰ পৰা আঁতৰি থাকে৷ ফলশ্ৰুতিত চক্ৰ বিষয়াই বিষয়টো উত্তৰ লখিমপুৰ সদৰ থানাক অৱগত কৰাত যোৱা নিশা আৰক্ষীয়ে নন্দন বৰা আৰু দেৱকৃষ্ণ দত্তক গ্ৰেপ্তাৰ কৰে৷ ইফালে আজি ৰাজহ চক্ৰ কাৰ্যালয়টোত চাবতি শান্তিপুৰ মিচিং গাঁৱৰ নিতেন টাইদ নামৰ লোকজনে চক্ৰ বিষয়া কাৰ্যালয়টোৰ বিৰুদ্ধে আন এক গুৰুতৰ অভিযোগ উত্থাপন কৰে৷ তেওঁ অভিযোগ কৰে যে উত্তৰ লখিমপুৰ ৰাজহ চক্ৰৰ চেৰাপভাটি মেপৰ একচনা পট্টাত মূলাৰাম টাইদৰ উত্তৰাধিকাৰী সূত্ৰে প্ৰায় ৬ মাহ পূৰ্বলৈকে চিঠা বহীত জিতেন টাইদ, নিতেন টাইদ আৰু অতুল টাইদৰ নাম সন্নিবিষ্ট আছিল যদিও বিভাগীয় লাট মণ্ডল ৰাতুল দলেৰ দিনত চিথা বহীৰ পৰা জিতেন টাইদ আৰু অতুল টাইদৰ নাম কৰ্তন কৰি সেই স্থানত হৰেণ টাইদ আৰু বিজিত টাইদৰ নাম লিপিবদ্ধ কৰা হয়৷ হৰেণ আৰু বিজিতৰ লগত মূলাৰাম টাইদৰ কোনো সম্পৰ্ক নাই যদিও এই ব্যক্তিদ্বয়ৰ নাম মূলাৰাম টাইদৰ উত্তৰাধিকাৰী সূত্ৰে ৰাজহ চক্ৰটোৰ চিঠাবহীত কেনেদৰে তেওঁলোকৰ নাম সন্নিবিষ্ট হ’ল তাক লৈ আজি ৰাজহ চক্ৰ কাৰ্যালয়টোত নিতেন টাইদৰ লগতে তেওঁলোকৰ পৰিয়াল উপস্থিত হৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More