লখিমপুৰত যাত্রীবাহী বাছৰ পৰা অবৈধ পার্কিং মাছুল সংগ্ৰহ দালালৰ

নিৰ্বিকাৰ পৌৰসভা আৰক্ষী

0 89
শতাব্দ লখিমপুৰ, ২২ জুলাইঃ বিগত কিছু দিনৰ পৰা উত্তৰ লখিমপুৰ নগৰত একাংশ দালালে অবৈধ ভাবে যাত্রীবাহী বাহনৰ পৰা যধে-মধে মাচুল সংগ্ৰহ কৰি অহাৰ পিছতো এই ক্ষেত্ৰত সংশ্লিষ্ট পৌৰ প্রশাসন অথবা আৰক্ষীয়ে নজৰ নিদিয়াতো গুৰুত্বপূর্ণ বিষয় হিচাপে পৰিগণিত হৈছে। প্ৰাপ্ত অভিযোগ অনুসৰি বিশেষকৈ পাঞ্জাব হোটেলৰ আশে পাশে তথা উত্তৰ লখিমপুৰ মুখ্য ডাকঘৰৰ সন্মুখৰ লগতে জিলা পৰিষদৰ সন্মুখত বিভিন্ন যাত্রীবাহী বাহনৰ পৰা বীৰেণ নামৰ এজন দালালে অবৈধ ভাবে পার্কিং মাছুল সংগ্ৰহ কৰি উপগ্ৰহ কৰি আহিছে। উত্তৰ লখিমপুৰ পৌৰসভাৰ অনুমতি অবিহনেই আৰক্ষীৰ সন্মুখতে এইজন দালালে বিভিন্ন সময়ত বিশেষকে আল্ট্রা বাছৰ পৰা ৫০-২০০ টাকা পর্যন্ত দৈনিক পার্কিং মাচুল সংগ্রহ কৰি আহে যদিও এই ক্ষেত্ৰত তেওঁ কোনেও বাধা প্রদান কৰা নাই। লখিমপুৰ পৌৰসভাৰ অনুমতি অবিহনেই কেনেদৰে এইজন লোকে দীৰ্ঘদিন ধৰি অবৈধ ভাৱে লখিমপুৰ নগৰত বিশেষকৈ পাব্লিক বাছ ষ্টেণ্ডৰ সমীপত মাছুল সংগ্ৰহ কৰি আহিছে তাক লৈ ৰহস্যৰ সৃষ্টি হৈছে। কোনো বৈধ কুপন অবিহনেই লখিমপুৰৰ পৰা ডিব্ৰুগড়, জোনাই, ধেমাজি, চিলাপথাৰ, গোগামুখ, গহপুৰ, নাৰায়ণপুৰ, বিহপুৰীয়া, ঢকুৱাখনা, মাজুলী আদি বিভিন্ন স্থানলৈ যোৱা যাত্রীবাহী বাছৰ পৰা দিনৰ পোহৰতে মাচুল সংগ্ৰহ কৰি আহিছে। এইক্ষেত্ৰত যান-বাহন আৰক্ষীৰ লগতে উত্তৰ লখিমপুৰ পৌৰসভাই কোনো ব্যবস্থা গ্রহণ নকৰাতো তাৎপর্যপূর্ণ বিষয় হিচাপে পৰিগণিত হৈছে। ইফালে যধে মধে পার্কিং নথকা স্থানতো এই বাছসমূহ যাত্রী উঠা নমাৰ বাবে ৰখোৱাত বিশেষ ভাবে সহায় কৰি আহিছে বীকো নামৰ এইলোকজনে। সেয়ে উক্ত লোকজনৰ লগত উত্তৰ লখিমপুৰ পৌৰসভাৰ গোপন বুজাবুজি থকাৰো অভিযোগ উত্থাপিত হৈছে।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More