লখিমপুৰত সদৌ চুতীয়া জাতি সন্মিলনৰ দুদিনীয়া কেন্দ্ৰীয় সভাৰ আয়োজন

0 27

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২১ মাৰ্চঃ উত্তৰ লখিমপুৰ নগৰৰ মাজ মজিয়াত থকা টাউন মডেল স্কুলৰ সমীপৰ সাহিত্য সভা ভৱনত সদৌ চুতীয়া জাতি সন্মিলন অসমৰ এখন বিশেষ প্ৰতিনিধি সভা কাইলৈ ২২ মাৰ্চৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব৷ লখিমপুৰ জিলা চুতীয়া জাতি সন্মিলনৰ আতিথ্যত অনুষ্ঠিত হ’বলগা এই প্ৰতিনিধি সভাখনত ৰাজ্যখনৰ ভালেকেইখন জিলাৰ শতাধিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব বুলি সন্মিলনৰ প্ৰশাসনিক সাধাৰণ সম্পাদক দেৱজ্যোতি শইকীয়াই জানিবলৈ দিছে৷ সদৌ চুতীয়া জাতি সন্মিলনৰ অসমৰ ভৱিষ্যৎ কাৰ্যপন্থা, জনজাতিকৰণৰ পদমৰ্যাদা, প্ৰাপ্য অধিকাৰ, চুতীয়াসকলৰ পুৰণি কীৰ্তিচিহ্ন সমূহ সংৰক্ষণ কৰাৰ ওপৰত এই বিশেষ প্ৰতিনিধি সভাত আলোচনা কৰা হ’ব বুলি শইকীয়াই জানিবলৈ দি ইয়াত সকলো লোকৰ উপস্থিতি কামনা কৰিছে উদ্যোক্তা সমিতিয়ে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More