লখিমপুৰত সফলতাৰে গুণোৎসৱ -২০২২ সমাপ্ত

0 225

উত্তৰ লখিমপুৰ, ৪ জুনঃ তৃতীয় পৰ্যায়ৰ গুণোৎসৱৰ কাৰ্যসূচী আজি লখিমপুৰত সফলতাৰে সামৰণি পৰে।১জুনত জিলাখনৰ সকলো বিদ্যালয়তে স্ব-মূল্যায়ন অনুস্থিত হোৱাৰ লগতে ২,৩ আৰু ৪জুনত পৰ্যায় কমে বিদ্যালয় সমূহত বহিঃমূল্যায়কৰ দ্বাৰা মূল্যায়ন অনুস্থিত হয়।বিদ্যালয়ৰ গুণগত মান পৰীক্ষণৰ উদ্দেশ্যে আয়োজন কৰা মূল্যায়নত বিভিন্ন বিভাগৰ পৰা মূল্যায়ক নিয়োগ কৰাৰ লগতে সমীপৱৰ্তী জিলা ধেমাজি,মাজুলী আৰু বিশ্বনাথ জিলাৰ পৰাও বৰ্হিঃমূল্যায়কে সহযোগিতা আগবঢ়ায়।জিলাখনৰ গুণোৎসৱ -২২ৰ পৰ্যবেক্ষক হিচাপে উপস্থিত থাকে ৰাজ্যিক বিত্ত আৰু গাণনিক বিষয়া প্ৰাশ্চিত চক্ৰৱৰ্তী আৰু ৰাজ্যিক প্ৰগ্ৰেম সহযোগী ৰোখেশ্বৰ লাক্ৰা।আনহাতে উক্ত কাৰ্যসূচীত অংশ গ্ৰহণ কৰে ড° বিনয় গুপ্তা আৰু মুস্তাফা আলি আহমেদে।লখিমপুৰ জিলাৰ উপায়ুক্ত সুমিত চত্তাৱনৰ নেতৃত্বত খণ্ড পৰ্যায়ত পৰ্যবেক্ষণ কৰে খণ্ড প্ৰাথমিক শিক্ষা বিষয়া সকলে, খণ্ড  তত্বৱধায়কসকলে,সমল ব্যক্তি সকলে, মণ্ডল সমল কেন্দ্ৰ সমন্বয়ক সকলে।কাৰ্যসূচী সফল সমাপ্তিত সহযোগিতা আগবঢ়োৱা সকলো পৰ্যায়ৰ ব্যক্তিলৈ ধন্যবাদ জ্ঞাপন কৰিছে জিলা নডেল বিষয়া গুণজিৎ ঠাকুৰীয়া আৰু নীভাৰাণী শইকীয়াই।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More