লখিমপুৰত হিন্দু যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় বৌদ্ধিক শিবিৰত উত্তপ্ত পৰিস্থিতি

কেন্দ্ৰীয় নেতা বলেন বৈশ্য সহ তিনিজনক আটক

0 32

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১৯ জুলাই ঃ লখিমপুৰ নগৰৰ মাজমজিয়াত যোৱা ১৭ জুলাইৰ পৰা অনুষ্ঠিত হৈ থকা  এক বৌদ্ধিক শিবিৰত আজি এক অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয়৷ যাৰ বাবে হিন্দু যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সভাপতি বলেন বৈশ্যক আৰক্ষীয়ে আটক কৰিবলৈ বাধ্য হয়৷ ঘটনাৰ বিৱৰণী অনুসৰি যোৱা ১৭ জুলাইৰ পৰা লখিমপুৰ নগৰৰ ১০ নং ৱাৰ্ডৰ গোপীনগৰ কলনিত থকা মাৰোৱাৰী যুৱ মঞ্চৰ মঞ্চ ভৱনত বিশ্ব হিন্দু মহাসংঘ অসম ৰাজ্যিক আৰু হিন্দু যুৱ ছাত্ৰ পৰিষদ অসমৰ উদ্যোগত এক বৌদ্ধিক প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত হয়৷ সেই মৰ্মে আজি তৃতীয় দিনা পুৱা ১০ বজাৰ পৰা ১১ বজালৈ মঞ্চ ভৱনত এক বৌদ্ধিক শিবিৰ অনুষ্ঠিত হৈ থকাৰ সময়তে মঞ্চ ভৱনৰ কাষৰ জাকিৰ হুছেইন নামৰ এজন লোকে বৌদ্ধিক শিবিৰত গৈ হিন্দু যুৱ ছাত্ৰ পৰিষদৰ বিৰুদ্ধে তেওঁৰ চৌহদত থকা মহৰমৰ পতাকা ফলাৰ অভিযোগ উত্থাপন কৰে৷ এনে সময়ত বৌদ্ধিক শিবিৰটোত হিন্দু যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক মাধৱ দাসে বক্তব্য প্ৰদান কৰি থকাৰ লগতে সেই সময়ত শিবিৰত বিশ্ব হিন্দু মহাসংঘ অসম ৰাজ্যিকৰ অধ্যক্ষ তথা দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দ্দন দেৱগোস্বামী, হিন্দু যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সভাপতি বলেন বৈশ্য, তিনিচুকীয়া জিলা সমিতিৰ সভাপতি সূৰ্য ভট্টাচাৰ্য সহ বহু বিষয়ববীয়া শিবিৰত উপবিষ্ট আছিল৷ জাকিৰ হুছেইনে অভিযোগ কৰে যে মঞ্চ ভৱনৰ কাষতে থকা তেওঁৰ নিজা ভূমিৰ চৌহদত মহৰমৰ পতাকা লগাই থোৱা আছিল আৰু শিবিৰৰ কোনো লোকে তেনে পতাকা ফালি পেলায়৷ ইফালে বলেন বৈশ্য সহ বৌদ্ধিক শিবিৰৰ একাংশই শিবিৰত অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি কৰা আৰু শিবিৰত জাকিৰ হুছেইনৰ আত্মীয়ই আক্ৰমণ কৰিবলৈ অহা বুলি অভিযোগ উত্থাপন কৰি জাকিৰ হুছেইনৰ লগতে তেওঁৰ কেবাজন আত্মীয়ক শিবিৰৰ কৰ্মকৰ্তাসকলে আৱদ্ধ কৰি আৰক্ষীক খবৰ দিয়ে৷ আৰক্ষীয়ে ঘটনাস্থলীত প্ৰায় এঘণ্টাৰ পিছত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে কেন্দ্ৰীয় নেতা বলেন বৈশ্য, জনাদ্দৰ্ন দেৱগোস্বামী, সূৰ্য ভট্টাচাৰ্য, যুগ্মজ্যোতি দত্ত সহ কেবাজনকো আটক কৰি থানালৈ লৈ যায়৷ একেদৰে আৰক্ষীয়ে জাকিৰ হুছেইনৰ লগতে তেওঁৰ আত্মীয়কো থানালৈ লৈ যায় আৰু সন্ধিয়া পৰ্যন্ত হুছেইনৰ পৰিয়ালকো থানাতে ৰাখি থয়৷ উল্লেখনীয় কথা যে বলেন বৈশ্যই আৰক্ষীৰ নিৰ্দেশ মানিব নিবিচাৰি তথা বৌদ্ধিক শিবিৰ এৰিব নোৱাৰিব বুলি আৰক্ষীৰে বাক-বিতণ্ডাত লিপ্ত হোৱাত লখিমপুৰৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই নিজেই বলেন বৈশ্যক গতিয়াই, ধমক দি লখিমপুৰ সদৰ থানালৈ লৈ যায়৷ আনহাতে বাতৰি লিখা পৰলৈকে কোনো এটা পক্ষই থানাত এজাহাৰ দাখিল কৰা নাই৷ ইফালে জনাদ্দৰ্ন দেৱগোস্বামীক সত্ৰাধিকাৰ বুলি চিনিব পাৰি আনন্দ মিশ্ৰই তেওঁক যাবলৈ দিয়াৰ বিপৰীতে বাকী তিনিজনক সন্ধিয়া পৰ্যন্ত থানাত আৱদ্ধ কৰি থয়৷ ইফালে আজিৰ ঘটনা সন্দৰ্ভত বলেন বৈশ্যই সংবাদ মাধ্যমৰ আগত অভিযোগ তুলি কয় যে যি সময়ত আমাৰ শিবিৰত বৌদ্ধিক শিবিৰ চলি আছিল তেনে সময়তে ওচৰৰ পৰা এজন মুছলমান মানুহৰ লগত কেইজনমান মুছলমান মানুহে আহি তেওঁলোকে আমাক আক্ৰমণ কৰে৷ তেওঁলোকৰ অজুহাত আছিল তেওঁলোকৰ এখন সেউজীয়া ৰঙৰ হেনো পতাকা আছিল সেইখন পাকিস্তানৰ নে মহৰমৰ আমি নাজানো, সেইখন আমাৰ কোনোবাই ফালি পেলাইছে বুলি সেই অভিযোগ লৈ আহি আমাক আক্ৰমন কৰিবলৈ উদ্যত হয়৷ তেতিয়া মই সিহঁতক তললৈ নমাই নিবলৈ আমাৰ কৰ্মকৰ্তাসকলক কোৱাৰ সময়তে আমাক তেওঁ ভাবুকি দি কয় আমাক তেওঁ খাৰাই খাৰাই কাটি দিব৷ এই অধিকাৰ তেওঁলোকে পালে ক’ত৷ আমি গণতান্ত্ৰিক ভাৱে এটা শিবিৰ কৰি আছো৷ চবতকৈ দুখলগা অৱস্থাতো হৈছে মিডিয়াতকৈ দুৰ্বল স্থিতি এতিয়া অসমৰ আৰক্ষী প্ৰশাসনৰ৷ যি সময়ত উত্তেজনা চলি আছিল সেই সময়ত আৰক্ষীক খবৰ দিয়াৰ পিছতো এঘণ্টাৰ পিছতো আৰক্ষী আহি নাপালে৷ যদি ঘটনাটো ডাঙৰ হ’লহেতেন, আমাৰ ইয়াত যদি কোনো মাৰ্ডাৰ হ’লহেঁতেন, কোনো হতাহতি হ’লহেতেন তেতিয়া তাৰ দায়িত্ব তেওঁলোকে ললেহেঁতেন নে বুলি আৰক্ষী প্ৰশাসনলৈ বৈশ্যই প্ৰশ্ন উত্থাপন কৰে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More