লখিমপুৰৰ একেখন গাঁৱৰ ১৩ মহিলা, অৱসৰপ্ৰাপ্ত গাঁওবুঢ়াসহ ২৩ জনক জেললৈ প্ৰেৰণ

কান্দোনত গছৰ পাত সৰুৱাইছে গঞাই

0 78

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ১৮ নৱেম্বৰঃ লখিমপুৰৰ একেখন গাঁৱৰ ২৩ জন লোকক একেদিনাই আৰক্ষীয়ে জেললৈ প্ৰেৰণ কৰাৰ পিছত এতিয়া গাঁওখনৰ চৌদিশে কান্দোনৰ ৰোল উঠিছে৷ এই ঘটনা সংঘটিত হৈছে লখিমপুৰ জিলাৰ পানীগাঁও থানাৰ অন্তৰ্গত ন-আলি কৈৱৰ্ত্ত গাঁৱত৷ উল্লেখ্য ২০১৮ চনৰ এক ঘটনাৰ আলমত এইসকল লোকক ন্যায়ালয়ৰ নিৰ্দেশমৰ্মে জেললৈ প্ৰেৰণ কৰাত গাঁওখনৰ সৰ্বত্ৰ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে৷ প্ৰাপ্ত তথ্য অনুসৰি ২০১৮ চনৰ অক্টোবৰ মাহত বেপাই দাস নামৰ এজন লোকে ন-আলি কৈৱৰ্ত্ত গাঁৱত নিজ গৃহত চিপ লৈ আত্মহত্যা কৰে৷ এই ঘটনাৰ পিছতে বেপাই দাসৰ পৰিয়ালৰ অভিযোগ অনুসৰি আৰক্ষীয়ে বেপাই দাসৰ পত্নী জোন দাসক জেললৈ প্ৰেৰণ কৰে৷ উল্লেখনীয় কথা যে বেপাই দাসৰ ঘৰ আছিল পানীগাঁও থানাৰ অন্তৰ্গত কুমাৰকটাৰ দোৱাৰপাৰ গাঁৱত৷ তেওঁ বৈবাহিক সূত্ৰে ন-আলি কৈৱৰ্ত্ত গাঁৱত থাকিবলৈ লৈছিল৷ ইফালে জোন দাস জেলত থকাৰ সময়তে বেপাই দাসে আত্মহত্যা কৰা গৃহটো কোনো লোকে অগ্নিসংযোগ কৰি জ্বলাই দিয়ে৷ এই ঘটনা জানিব পাৰি পিছত জেলৰ পৰা ওলাই আহি বেপাই দাসৰ পত্নী জোন দাসে গাঁওখনৰ তথা ন-আলি কৈৱৰ্ত্ত গাঁৱৰ ২৩ জন লোকৰ বিৰুদ্ধে ঘৰ জ্বলোৱাৰ অভিযোগ তুলি আৰক্ষীক এজাহাৰ দাখিল কৰে৷ উক্ত এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে গোচৰ পঞ্জীয়ন কৰাৰ পিছত আদালতৰ চমন অনুসৰি যোৱা ১৩ নৱেম্বৰত গাঁওখনৰ ২৩ জন লোকক পানীগাঁও আৰক্ষীয়ে মতাই নি গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰে৷ জেললৈ প্ৰেৰণ কৰা লোকসকলৰ ভিতৰত ৭৩ বছৰীয়া অৱসৰপ্ৰাপ্ত গাঁওবুঢ়া ইন্দ্ৰজিৎ দাসসহ ১৩ গৰাকী বৰ্ষীয়ান মহিলাসহ ১০ জন পুৰুষ৷ এনেদৰে একেদিনাই একেখন গাঁৱৰ এনে বৃহৎ সংখ্যক লোকক (আটাইকেইজন অতি দৰিদ্ৰ শ্ৰেণীৰ লোক) জেললৈ প্ৰেৰণ কৰাত এতিয়া গাঁওখনত কান্দোনৰ ৰোল উঠাৰ লগতে বহুতৰে মুৰববী তথা ঘৰৰ একমাত্ৰ উপাৰ্জনকাৰী লোকজন জেললৈ যোৱাত বহুতৰে ঘৰত এতিয়া এমুঠি অন্নৰ বাবে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More