লখিমপুৰৰ এল.টি.কে. মহাবিদ্যালয়ত অসম গণিত শিক্ষায়তনৰ ৩৬ তম্ দ্বি-বার্ষিক অধিৱেশন

গণিত শিক্ষাৰ গুৰুত্ব আৰু ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০ শীৰ্ষক আলোচনাচক্ৰ

0 56

শতাব্দ প্ৰতিনিধি, লখিমপুৰ ৪ মেঃ অসম গণিত শিক্ষায়তনৰ ৩৬ তম্ দ্বি-বার্ষিক অধিবেশনখনি এল.টি.কে মহাবিদ্যালয়ৰ নন্দৰাম দাস ক্ষেত্ৰত অনুষ্ঠিত হৈ যায়। এই অনুষ্ঠানৰ প্ৰথম কাৰ্যসূচী অনুসৰি পুৱা পতাকা উত্তোলন কৰে অসম গণিত শিক্ষায়তনৰ সভাপতি ড° ৰামচন্দ্ৰ ডেকাই। অসম গণিত শিক্ষায়তনৰ প্ৰাক্তন সভাপতি তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত গণিত বিভাগৰ অধ্যাপক প্রয়াত নন্দৰাম দাসদেৱক অসম গণিত শিক্ষায়তনৰ তৰফৰ পৰা শ্ৰদ্ধাঞ্জলি জনোৱাৰ পিছতে এল.টি.কে. মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা পৰিৱেশন কৰা অসম গণিত শিক্ষায়তনৰ নিজা সংগীতেৰে দিনটোৰ কাৰ্যসূচী শুভাৰম্ভ কৰা হয়। অনুষ্ঠানত মহাবিদ্যালয়ৰ হৈ আদৰণী ভাষণ পাঠ কৰে ড° বুবুল কুমাৰ শইকীয়াই। গণিত শিক্ষায়তনৰ শাখাৰ হৈ আদৰণী ভাষণ পাঠ কৰে সভাপতি উপেন চন্দ্ৰ পূজাৰী আৰু কেন্দ্ৰীয় সমিতিৰ হৈ আদৰণী ভাষণ পাঠ কৰে ড° ৰামচন্দ্ৰ ডেকাই। সভাৰ আৰম্ভণিতে অধিৱেশখনিৰ লগত সংগতি ৰাখি উত্তৰ লখিমপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° বিমানচন্দ্ৰ চেতিয়াৰ নেতৃত্বত, কেশৱ ফুকন আৰু ড° পৰমা দত্তৰ সম্পাদনাত অসম গণিত শিক্ষায়তনৰ উত্তৰ লখিমপুৰ শাখা তৰফৰ পৰা প্ৰকাশ কৰা স্মৰণিকা ‘মেট্রিকা’ উন্মোচন কৰা হয়। ইয়াৰ পিছত পাঞ্চাল মিছনৰ বুলেটিন, ড° মুকুন্দ ৰাজবংশীৰ ‘গণিতৰ কিছু কথা’ আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্রাধ্যাপক ড° গোপাল চন্দ্ৰ হাজৰিকাৰ ‘সত্য অনুভৱ, তৃতীয় খণ্ড’ উন্মোচন কৰা হয়।
অসম গণিত শিক্ষায়তন আৰু লখিমপুৰ শাখাই মুঠ ৪ জন ব্যক্তিক সম্বর্ধনা জনায়। সম্বর্ধনা অনুষ্ঠানটিৰ আঁত ধৰে এল.টি.কে. মহাবিদ্যালয়ৰ গণিত বিভাগৰ মুৰব্বী অধ্যাপক মানস প্রতিম বৰাই। ড° মুকুন্দ ৰাজবংশীক লখিমপুৰ গণিত কাণ্ডাৰী, অৱসৰপ্ৰাপ্ত শিক্ষক দেবেন চন্দ্ৰ দাস আৰু উত্তৰ লখিমপুৰ মহাবিদ্যালয়ৰ গণিত বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক শ্ৰীৰাম বৰ্মনক কৃতী শিক্ষক হিচাপে সম্বর্ধনা জনোৱা হয়। ধেমাজি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড° বুধিন্দ্ৰ বৰুৱাক ‘ধেমাজিৰ গণিত জনপ্ৰিয়কৰণৰ হোতা’ হিচাপে সম্বর্ধনা জনোৱা হয়। গণিত শিক্ষাৰ গুৰুত্ব আৰু ৰাষ্ট্ৰীয় শিক্ষানীতি, ২০২০’ শীর্ষক আলোচনা-চক্ৰখনি উদ্বোধন কৰে বিদ্যালয়সমূহৰ পৰিদৰ্শক ড° ৰমেশ চন্দ্ৰ চুতীয়াই। সমল ব্যক্তি হিচাপে নিমন্ত্ৰণ কৰা হৈছিল ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অৱসৰী গণিত বিভাগৰ প্রাধ্যাপক ড° গোপাল চন্দ্ৰ হাজৰিকাক। আলোচনা-চক্ৰখনি সঞ্চালনা কৰে কটন মহাবিদ্যালয়ৰ গণিত বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক ডঃ তাৰকেশ্বৰ চৌধুৰীয়ে। উদ্যাপন সমিতিৰ কাৰ্যকৰী সভাপতি ড° বুবুল কুমাৰ শইকীয়াই আঁত ধৰা অনুষ্ঠানটিৰ পিছতে গণিতজ্ঞ জিতেন্দ্র নাথ শৰ্মাৰ সোঁৱৰণত আন্তঃমহাবিদ্যালয়ৰ কুইজ প্রতিযোগিতা অনুষ্ঠিত কৰা হয়। বিভিন্ন মহাবিদ্যালয়ৰ পৰা তিনিজনীয়া দলে যোগদান কৰা প্ৰতিযোগিতাখনিত প্ৰথম পুৰস্কাৰ হিচাপে নগদ ৫০০০ টকা আৰু মানপত্ৰ লাভ কৰে লখিমপুৰ বালিকা মহাবিদ্যালয়ৰ দলটিয়ে। দ্বিতীয় পুৰস্কাৰ হিচাপে নগদ ৩০০০ টকা আৰু মানপত্ৰ লাভ কৰে নৰ্থ লখিমপুৰ মহাবিদ্যালয়ৰ দলটিয়ে আৰু তৃতীয় পুৰস্কাৰ লাভ কৰে যুটীয়াভাৱে এল.টি.কে. মহাবিদ্যালয় আৰু উত্তৰ লখিমপুৰ দলটিয়ে। তৃতীয় পুৰস্কাৰ প্ৰাপক দল দুয়োটিকে ২০০০ টকা আৰু মানপত্ৰেৰে পুৰস্কৃত কৰা হয়। কুইজ প্রতিযোগিতাখনি উদ্বোধন কৰে লখিমপুৰ বালিকা মহাবিদ্যালয়ৰ অধ্যক্ষ ড° সুৰজিং ভূঞাই আৰু পৰিচালনা কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ গণিত বিভাগৰ অধ্যাপক ড° অংকুৰ ভৰালী আৰু ড° সুৰজিৎ বৰকটকীয়ে।ইয়াৰ পিছতে প্রতিনিধি বৈঠক আৰম্ভ হয়। বিভিন্ন জিলাৰ পৰা অহা প্রায় ১০০ জনৰো অধিক গণিত শিক্ষায়তনৰ জিলা পৰ্যায়ৰ প্ৰতিনিধি আৰু কেন্দ্ৰীয় প্রতিনিধিয়ে বৈঠকত অংশ গ্ৰহণ কৰে। উক্ত বৈঠকতে ড° প্রবীন দাসক সভাপতি আৰু ড° আসিশ পালক সাধাৰণ সম্পাদক হিচাপে লৈ অসম গণিত শিক্ষায়তনৰ ২০২২-২৪ বৰ্ষৰ কাৰ্যকৰী সমিতিখন গঠন কৰা হয়। বিভিন্ন বিদ্যালয়-মহাবিদ্যালয়ৰ পৰা অহা এক শতাধিক শিক্ষক-শিক্ষয়িত্ৰী আৰু দুই শতাধিক ছাত্র-ছাত্রীয়ে অংশ গ্ৰহণ কৰা অধিৱেশনখনিৰ সফল সমাপ্তিত উদযাপন সমিতিৰ সভাপতি উপেন পূজাৰী, কাৰ্যকৰী সভাপতি ড° বুবুল কুমাৰ শ‍ইকীয়া আৰু সম্পাদক দিব্যজ্যোতি গগৈয়ে সকলোকে ধন্যবাদ জ্ঞাপন কৰে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More