লখিমপুৰৰ  কেঞ্চাৰ কেন্দ্ৰত বৃদ্ধি পাইছে ৰোগীঃ হেল্প লাইন মুকলি

হেল্প লাইন নম্বৰ ৭৩৬৩৮১৯৯৯৭, ৮৭৮৭৪৯৬০১৭

0 17

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২ মেঃ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে যোৱা ২৮ এপ্ৰিলত ডিব্ৰুগড়ৰ পৰা ভাৰ্চুৱেলি মুকলি কৰা ৰাজ্যৰ ৭খন কেঞ্চাৰ চিকিৎসা কেন্দ্ৰৰ লগতে লখিমপুৰ কেন্সাৰ কেন্দ্ৰটোৱে এতিয়া উত্তৰ অসমত কেঞ্চাৰ ৰোগীৰ বাবে আশাৰ বতৰা কঢ়িয়াই আনিছে। অত্যাধুনিক ভাৱে নিৰ্মিত কেঞ্চাৰ কেন্দ্ৰটি প্ৰয়োজনীয় সকলো সা-সুবিধা উপলব্ধ হোৱাত উত্তৰ অসমৰ লখিমপুৰ, ধেমাজি, মাজুলী, বিশ্বনাথ চাৰিআলিৰ লগতে চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ লোকসকলে এই কেন্দ্ৰটিৰ জৰিয়তে উপকৃত হ’বলৈ সক্ষম হৈছে। উল্লেখ যে উদ্বোধনৰ পিছদিনাৰ পৰাই কেঞ্চাৰ কেয়াৰ কেন্দ্ৰটোত চাৰিগৰাকী ৰোগী ভৰ্তি হৈ চিকিৎসা গ্ৰহণ কৰা পিছত ক্ৰমাগত ভাৱে বৃদ্ধি পাব ধৰিছে ৰোগীৰ সংখ্যা। প্ৰতিদিনে পুৱা ৯ বজাৰ পৰা বিয়লি ৫ বজালৈ কেন্দ্ৰটোত ৰোগীৰ বাবে সেৱা উপলব্ধ হোৱাৰ উপৰি ২৪ ঘন্টাই জৰুৰী সেৱা, অস্ত্ৰোপচাৰৰ লগতে এম্বুলেন্স সেৱা উপলব্ধ হৈছে। ইতিমধ্যে কেন্দ্ৰটোত ৰোগীক সেৱা আগবঢ়াবৰ বাবে ৭৩৬৩৮১৯৯৯৭, ৮৭৮৭৪৯৬০১৭ নম্বৰৰ হেল্প লাইন মুকলি কৰা হৈছে। চিকিৎসা কেন্দ্ৰটিত এজন কেন্সাৰ বিশেষজ্ঞ চিকিৎসক, দুজন ডাক্তৰ, এজন দন্ত চিকিৎসকৰ লগতে ১৭ গৰাকী নাৰ্চ সহ মুঠ ৬৭ জন কৰ্মচাৰী নিয়োগ কৰা হৈছে। সেই অনুসৰি ৪০ খন সাধাৰণ বিছনা, আৰু চাৰিখন অত্যাধুনিক বিচনাৰ ব্যৱস্থা কৰা হৈছে। অৱশ্যে কেন্দ্ৰটিত ৰোগীক দিনৰ ভাগতহে সেৱা আগবঢ়োৱাৰ ব্যৱস্থা আছে। কেন্দ্ৰটিত কেম থেৰাপি, ৰব’টিক চাৰ্জাৰী, ব’নমেৰ ট্ৰান্সপ্লান্ট, ডায়গনেষ্টিক এণ্ড এডভান্স ইমেজিং, নিউক্লিয়াৰ মেডিচিন, ষ্টেম-চেল ৰিচাৰ্চ আদিৰ সুবিধা কৰা হৈছে বুলি আজি কেন্দ্ৰটোৰ অধীক্ষক কৰ্ণেল ডাঃ এচ এচ ঘোষে জানিবলৈ দিয়ে। লক্ষণীয় যে কেন্দ্ৰটোৰ উদ্বোধনৰ পিছত যোৱা ৩০ এপ্ৰিলত ১৭ গৰাকী ৰোগী আৰু ১৫ গৰাকী লোকে চিকিৎসা গ্ৰহণ কৰে। উল্লেখনীয় কথা যে আসাম কেন্সাৰ কেয়াৰ ফাউণ্ডেচনৰ অধীনত টাটা ট্ৰাষ্ট আৰু অসম চৰকাৰৰ সহযোগত এই কেন্দ্ৰটি প্ৰায় ১৫০ কোটি টকাৰ ব্যয় সাপেক্ষে স্থাপন কৰা হৈছে। কেন্দ্ৰটিত চিকিৎসা গ্ৰহণৰ বাবে প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা আৰু অটল অমৃত যোজনাৰ কাৰ্ড থকা লোকসকলে ৮ লাখ টকা পৰ্যন্ত বিনামূলীয়া চিকিৎসা সেৱা লাভ কৰিব যদিও অন্যথা কেন্দ্ৰীয় চৰকাৰৰ চিকিৎসা সেৱাৰ অধীনত ৰেহাই মূল্যত ৰোগীয়ে চিকিৎসা গ্ৰহণ কৰিব পাৰিব।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More