লখিমপুৰৰ ঘনচৰাইত যিকোনো মুহূৰ্ততে মথাউৰি চিঙাৰ আশংকাত আতংকিত ৰাইজ

কেবাটাও পৰিয়াল বাসগৃহ সোৱণশিৰিত জাহ গলঃ নিৰাপদ স্থানলৈ স্থানান্তৰ গঞাঃ  মথাউৰিৰ ওপৰত সাজু এছ ডি আৰ এফ বাহিনী-আৰক্ষী

0 59

শতাব্দ প্ৰতিনিধি লখিমপুৰ, ৫ ছেপ্টেম্বৰঃ সোৱণশিৰি নদীয়ে লখিমপুৰৰ ঘনচৰাই চন্দ্ৰপুৰত তীব্ৰ গৰা খহনীয়াৰ সৃষ্টি কৰি ভীমপৰা মথাউৰিলৈ অশনি সংকেত কঢ়িয়াই আনিছে৷ নদীখনে উক্ত স্থানত যিকোনো সময়তে মথাউৰি চিঙাৰ আশংকাত লখিমপুৰ জিলা প্ৰশাসন সস্তম হৈ থকাৰ লগতে ঘনচৰাইত মথাউৰিৰ ওপৰত এছ ডি আৰ এফ বাহিনী, আৰক্ষী আদি মোতায়ন কৰি সম্ভাৱ্য বিপদৰ পৰা ৰাইজক উদ্ধাৰ কৰাৰ বাবে প্ৰস্তুতি অব্যাহত ৰাখিছে৷ ইফালে জলসম্পদ বিভাগে ঘনচৰাই মথাউৰিটো ৰক্ষা কৰাৰ বাবে সকলো প্ৰস্তুতি চলোৱাৰ লগতে দিনে নিশাই মথাউৰিৰ সুৰক্ষাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে যদিও নদীখনে কালৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে৷ ইতিমধ্যে নদীৰ কোবাল সোঁতে স্থানীয় ধীৰেশ্বৰ বৰা, নৰেশ্বৰ বৰা, বাবা বৰা আৰু পোনা বৰাৰ পৰিয়ালৰ বাসগৃহ নদীৰ বুকুত জাহ যোৱাৰ পিছত তেওঁলোকক অন্য স্থানলৈ স্থানান্তৰিত কৰা হৈছে৷IMG 20220905 WA0068 নদীৰ গৰাখহনীয়াই ঘনচৰাই মথাউৰিৰ বক্ষত থকা জলসম্পদ বিভাগৰ অস্থায়ী শিবিৰটো খহাই নিয়াৰ ফলত উক্ত শিবিৰটোও অন্য স্থানলৈ স্থানান্তৰিত কৰা হৈছে৷ উল্লেখ্য যে সোৱণশিৰিৰ গৰাখহনীয়া ৰোধৰ বাবে ঘনচৰাই মথাউৰিত বিভিন্ন সময়ত চৰকাৰে বহু অভিলাষী আঁচনি গ্ৰহণ কৰিছে যদিও এই আঁচনিসমূহে কোনো সুফল দিয়া নাই৷ শেহতীয়াকৈ চৰকাৰে এছ অ পি ডি আঁচনিৰ অধীনত ১০ কোটি টকীয়া এখন আঁচনি গ্ৰহণ কৰাৰ সময়তে এই আঁচনিখন এতিয়া একপ্ৰকাৰে পানীত উটি যোৱাৰ তথ্য পোহৰলৈ আহিছে৷ সোৱণশিৰি নদীৰ সোপাৰৰ মথাউৰিটোৰ প্ৰতি নদীখনে তীব্ৰ খহনীয়াৰ সৃষ্টি কৰি যিকোনো সময়তে ঘনচৰাই চন্দ্ৰপুৰত মথাউৰি চিঙাৰ আশংকাত ত্ৰস্ত হৈ পৰিছে জিলা প্ৰশাসনৰ লগতে স্থানীয় ৰাইজ৷ যাৰবাবে আজি অঞ্চলটোৰ শতাধিক লোক ওলাই আহি মথাউৰিটো সুৰক্ষাৰ বাবে সকলোৱে হাতে কামে লাগি যোৱা পৰিলক্ষিত হয়৷ ইফালে মথাউৰি চিঙাৰ আশংকাত একাংশ লোকে নিজৰ বয়বস্তু নিৰাপদ স্থানলৈ স্থানান্তৰিত কৰাৰ লগতে বহু নৈপৰীয়া লোকে এতিয়া মথাউৰি চিঙাৰ আশংকাত বিনিদ্ৰ ৰজনী পাৰ কৰিছে৷ ইফালে জলসম্পদ বিভাগৰ ঠিকাদাৰে মথাউৰিটো সুৰক্ষাৰ বাবে দিনে নিশাই প্ৰচেষ্টা অব্যাহত ৰাখা পৰিলক্ষিত হয়৷ উল্লেখনীয় কথা যে উক্ত স্থানত মথাউৰি চিঙিলে তেলাহী মৌজাৰ অৰ্ধ শতাধিক গাঁও বানৰ কবলত পৰাটো নিশ্চিত হৈ পৰিছে৷ আজি উক্ত স্থানত লখিমপুৰ ৰাজহ চক্ৰ বিষয়া, আৰক্ষী বিষয়াকে ধৰি প্ৰশাসনৰ কেবাজনো বিষয়া উপস্থিত হৈ খহনীয়াৰ বুজ লয়৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More