লখিমপুৰৰ ঘূনাসুঁতিত মিচিং জাতীয় সংগঠনৰ ১৫ নেতা-কৰ্মীক বৰ্বৰ আক্ৰমণ 

সোৱণশিৰি সাঁতুৰি প্ৰাণৰক্ষা কেবাজনৰঃ চাৰিজনৰ অৱস্থা সংকটজনক

0 31

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ ১৪ জুলাইঃ লখিমপুৰ জিলাৰ অতি দুৰ্গম তথা সোৱণশিৰি পাৰৰ ঘূনাসুঁতিত আজি বিয়লি এক ভয়ংকৰ ঘটনা সংঘটিত হয়৷ ঘূনাসুঁতিৰ উৰিয়ামতলাত এটা ঘটনা সন্দৰ্ভত আলোচনাৰ বাবে যোৱা মিচিং জাতীয় সংগঠন টি এম পি কে আৰু এম এম কেৰ একাংশ নেতা কৰ্মীক একাংশ লোকে দা,যাঠি,জোং লৈ আক্ৰমণ কৰাত জাতীয় সংগঠন দুটাৰ প্ৰায় ১৫ জন নেতা কৰ্মী আহত হোৱাৰ লগতে চাৰিজন গুৰুতৰ ভাৱে আহত হয়৷ বাকীসকল সদস্যই কোনোমতে ভৰা সোৱণশিৰিৰ এটা সুঁতি সাঁতুৰি পাৰ হৈ প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হয়৷ ঘটনাৰ বিৱৰণী অনুসৰি কেইদিনমানৰ পূৰ্বে উৰিয়ামতলা নাহৰণিত সংগঠিত হোৱা ঘটনা সন্দৰ্ভত আজি মিচিং জাতীয় সংগঠন দুটাৰ প্ৰায় ২০ জনীয়া এটা দল উৰিয়ামতলা নাহৰণিত উপস্থিত হয়৷ উৰিয়ামতলাৰ দিগন্ত নাথ আৰু ক্ষীৰেশ্বৰ নাথৰ ঘৰুৱা বিবাদ মীমাংসা কৰিবলৈ যোৱাৰ সময়ত টি এম পি কে আৰু এম এম কেৰ দলটোক চাৰিখন নাৱেৰে বৰচাপৰি দিশৰ পৰা অহা অৰ্ধ শতাধিক লোকে আজি বিয়লি ৪ মান বজাত নিৰ্বিচাৰে আক্ৰমণ কৰে৷ এই ঘটনাত মনোৰম টাইদ, দলিচন পায়েং, টানু মিগম টায়ে, ৰমেশ পায়েং গুৰুতৰ ভাৱে আহত হয়৷ আহত আটাইকেইজনক নিশাই লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰা হয়৷ আজিৰ এই আকস্মিক ঘটনাত দিক বিদিক হেৰুৱাই পেলোৱা টি এম পি কে আৰু এম এম কেৰ সদস্যসকলে পলায়ন কৰিবলৈ বাধ্য হোৱাৰ লগতে কেবাজনে ভৰা সোৱণশিৰিৰ এটা সুঁতি পাৰ হৈ কোনোমতে প্ৰাণৰক্ষা কৰিবলৈ সক্ষম হয়৷ আজিৰ এই ভয়ংকৰ আক্ৰমণত টি এম পি ক আৰু এম এম কেৰ নেতা কেইজন ৰক্তাক্ত হৈ পৰাত তেওঁলোকক ততাতয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰা হয়৷ ঘটনাৰ পিছতে সোৱণশিৰি পাৰ হৈ ঘটনাস্থলীত লখিমপুৰৰ আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে ঘটনাৰ বুজ লৈ তদন্ত আৰম্ভ কৰিছে৷ সম্প্ৰতি সমগ্ৰ অঞ্চলটোত চেপা উত্তেজনাই বিৰাজ কৰিছে৷ ইফালে ঘটনা সন্দৰ্ভত মিচিং সংগঠন দুটাই উত্তৰ লখিমপুৰ সদৰ থানাত আজি সন্ধিয়া এজাহাৰ দাখিল কৰিছে৷ মিচিং অধ্যুষিত ঘূনাসুঁতিত আজি সংঘটিত এই ঘটনাই অঞ্চলটোত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীক শংকিত কৰি তুলিছে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More