লখিমপুৰৰ চিকিৎসা মহাবিদ্যালয়ৰ ঘটনাঃ দুই নাৰ্চক নিলম্বন 

0 17

শতাব্দ প্ৰতিনিধি, লখিমপুৰ ২৮ জুনঃ লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ শিশু আৰু মাতৃ মঙ্গল কেন্দ্ৰত শিশু সালসলনিৰ ঘটনাক কেন্দ্ৰ কৰি আজিও জিলাখনত চাঞ্চল্য অব্যাহত আছে । এই ঘটনা সংক্ৰান্তত কৰ্তব্যত গাফিলতি কৰাৰ বাবে আজি দুগৰাকী নাৰ্চক নিলম্বন কৰা হৈছে । স্বাস্থ্য বিভাগে এই সন্দৰ্ভত অনুসন্ধান চলাই নিলম্বিত কৰা নাৰ্ছ দুগৰাকী হৈছে ক্ৰমে জুলী বৰুৱা আৰু ৰুবি বৰা হাজৰিকা। উল্লেখ যে যোৱা শনিবাৰে লখিমপুৰৰ ঘাৰমৰাৰ ছায়ামণি দাস নামৰ এগৰাকী প্ৰসূতিয়ে জন্ম দিছিল এটি সন্তান। নাৰ্চৰ মতে প্ৰসূতি গৰাকীয়ে জন্ম দিছিল পুত্ৰ সন্তান। কিন্তু পুৱা কাপোৰ খোলোত মাকে প্ৰত্যক্ষ কৰে পুত্ৰ সন্তানৰ ঠাইত এটি কন্যা সন্তান । চিকিৎসক আৰু নাৰ্চে জন্ম লাভ কৰা শিশুটি পুত্ৰ বুলি কোৱাৰ পিছত কন্যা সন্তানক দেখি শিশু সালসলনি কৰা বুলি গুৰুতৰ অভিযোগ উঠিছিল যদিও আজি নাৰ্চে আৰক্ষীক দিয়া স্বীকাৰোক্তি অনুসৰি তেওঁলোকে কন্যা সন্তানকে ভুলতে ল’ৰা বুলি অভিভাৱকক অৱগত কৰিছিল।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More