লখিমপুৰৰ তেল ডিপোত ভেজাল পেট্ৰল বিক্ৰীঃ নিশা উত্তপ্ত পৰিস্থিতি

বহু যান-বাহনৰ ইঞ্জিন বিকলঃ ফৰেনচিকৰ প্ৰতিৱেদন নহা পৰ্যন্ত ডিপো বন্ধ 

0 10

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ৩ নৱেম্বৰঃ বুধাবাৰে নিশা লখিমপুৰৰ এটা পেট্ৰল ডিপোত ভেজাল পেট্ৰল বিক্ৰী কৰাক কেন্দ্ৰ কৰি ডিপোটোত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ পিছত ডিপোটোত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে বিভাগীয় কতৃৰ্পক্ষই বিক্ৰী বন্ধ কৰে৷ ঘটনাৰ বিৱৰণীত প্ৰকাশ যে যোৱা নিশা  উত্তৰ লখিমপুৰ নগৰৰ মাজ মজিয়াত থকা আৰ আৰ পেট্ৰল ডিপো [এভাৰেডী]ত সাংবাদিক, আৰক্ষী আদিৰ লগতে একাংশ গ্ৰাহকে নিজৰ বাহনত পেট্ৰল ভৰোৱাৰ পিছত এনে বাহনসমূহ তেল ডিপোটোৰ পৰা ওলাই যোৱাৰ পিছতে নগৰৰ বিভিন্ন পথত বিকল হৈ পৰাত গ্ৰাহক সকলৰ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়৷ এনে সময়তে ডিপোটোত বহু ক্ষুব্ধ গ্ৰাহক উপস্থিত হৈ খালী বটলত তেল ভৰাই দিবলৈ দাবী জনায় যদিও ডিপোৰ কৰ্মচাৰীয়ে প্ৰথমে এই কাৰ্যত অনীহা প্ৰকাশ কৰাত গ্ৰাহকসকল ক্ষুব্ধ হৈ পৰাত পৰৱৰ্তী সময়ত বটলত তেল দিবলৈ বাধ্য হয়৷ তাৎপৰ্যপূৰ্ণ কথা যে বটলত তেল ভৰোৱাৰ পিছতে সকলোৱে প্ৰত্যক্ষ কৰে যে সেয়া ভেজাল পেট্ৰল৷ লগে লগে এই ঘটনা সন্দৰ্ভত আৰক্ষী আৰু জিলা প্ৰশাসনক ক্ষুব্ধ গ্ৰাহকে অৱগত কৰাত নিশাই ডিপোটোত উপস্থিত হৈ তেলৰ নমুনা সংগ্ৰহ কৰি ফৰেনচিকলৈ প্ৰেৰণ কৰি প্ৰতিবেদন নহা পৰ্যন্ত উক্ত ডিপোটোত তেল বিক্ৰী বন্ধ কৰে ৷ আনহাতে আজি পুৱাৰে পৰা আৰ আৰ পেট্ৰল ডিপোত ভুক্তভোগী গ্ৰাহকে ভিৰ কৰাৰ লগতে তেওঁলোকৰ বাহনসমূহ সুচল কৰি দিবলৈ ডিপোৰ কতৃৰ্পক্ষক দাবী জনায়৷ পিছত ডিপোৰ কৰ্মকৰ্তাই একাংশ গ্ৰাহকক তেওঁলোকৰ যানবাহন সমূহ চাৰ্ভিচিং কৰি দিয়াৰ দায়িত্ব বহন কৰে৷ উল্লেখনীয় কথা যে যোৱা নিশা ডিপোটোত এখন ট্ৰেংকাৰে টেংকীত তেল ভৰাই থকাৰ সময়তে এনে ঘটনা সংঘটিত হয়৷ ইয়াৰ পূৰ্বেও উক্ত ডিপোটোত এনে ঘটনা সংঘটিত হৈ আহিছে৷ ইফালে যোৱা নিশাৰ এই ঘটনা সন্দৰ্ভত উচিত তদন্তৰ দাবী জনাই আজি লখিমপুৰ সচেতন নাগৰিক মঞ্চৰ হৈ সাধাৰণ সম্পাদক অজিত বুঢ়াগোঁহাই, অসমীয়া যুৱ মঞ্চৰ হৈ সাধাৰণ সম্পাদক অনুপম শইকীয়া, সদৌ অসম হিন্দু যুৱ পৰিষদৰ হৈ সাধাৰণ সম্পাদক শম্ভু সিংহ, ট্ৰাইবেল য়ুথ লীগৰ হৈ সাধাৰণ সম্পাদক বসন্ত টাইদ, মাছৰ সচিব ইব্ৰাহিম আলি, সদৌ অসম নিবনুৱা সন্থাৰ হৈ কেন্দ্ৰীয় সম্পাদক জীৱন ৰাজখোৱাই যৌথ ভাৱে জিলা উপায়ুক্তক স্মাৰক পত্ৰ প্ৰদান কৰে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More