লখিমপুৰৰ দুলুংত অসমৰ যুৱকক অৰুণাচলী দুবৃৰ্ত্তৰ দলবদ্ধ আক্ৰমণ

অৰুণাচলীৰ বিৰুদ্ধে ঘাগৰত পথ অৱৰোধ, টায়াৰ জ্বলাই প্ৰতিবাদ

0 8

শতাব্দ প্ৰতিনিধি, লখিমপুৰ ১৬ আগষ্টঃ অসম অৰুণাচল সীমান্তৱৰ্তী অঞ্চল ৰূপহী ৰাজগড়ত ১৪ আগষ্টৰ নিশা ৪০ জনীয়া আৰুণাচলী দুষ্কৃতিকাৰীয়ে অসমৰ গাঁও আৰক্ষী বাহিনীৰ লোকক চোকা অস্ত্ৰৰে আক্ৰমণ কৰা ঘটনাক লৈ সমগ্ৰ অঞ্চলটোত তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে৷ ঘটনাৰ বিৱৰণীৰ মতে ১৪ আগষ্ট নিশা ৰূপহী ৰাজগড়ত এটা গাঁওৰক্ষী বাহিনী দলে অৰুণাচলৰ এখন স্ক’ৰপিঅ বাহনক ৰখোৱাক কেন্দ্ৰ কৰিয়েই দুয়োপক্ষৰ মাজত কথাৰ কটাকটি হয়৷ ইয়াৰ পৰৱৰ্তী পৰ্যায়ত অৰুণাচলৰ এটি ৪০ জনীয়া দলে ৰূপহী ৰাজগড়ত খাপপিটি সীমান্তৱৰ্তী এলেকাৰ বাসিন্দাৰ ওপৰত আক্ৰমণ কৰাৰ লগতে দা-চোকা অস্ত্ৰৰে আক্ৰমণ চলায়৷ এই আক্ৰমণৰ ঘটনাত অসমৰ গাঁওৰক্ষী বাহিনীৰ ১০ জনকৈ লোক আহত হয়৷ এই ঘটনাক কেন্দ্ৰ কৰিয়েই অঞ্চলটোত তীব্ৰ উত্তেজনাৰ সৃষ্টি হয় আৰু আজি স্থানীয় একাংশ লোকে ঘটনাৰ লগত জড়িত দোষীক কৰায়ত্ব কৰাৰ দাবীৰে অসম-অৰুণাচল সীমান্তৱৰ্তী তথা দুলুং সংৰক্ষিত বনাঞ্চলৰ ৰূপহী ৰাজগড়ত মূল পথ অৱৰোধেৰে টায়াৰ জ্বলাই এক উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ প্ৰতিবাদকাৰীৰ দাবী শীঘ্ৰে অৰুণাচলী দূৰ্বৃত্তক আৰক্ষীয়ে কৰায়ত্ব কৰক অন্যথা অৰুণাচল প্ৰশাসনৰ বিৰুদ্ধে ভয়াৱহ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰা হ’ব৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More