লখিমপুৰৰ দ্ৰোপাং-মধুপুৰত গজৰাজৰ সন্ত্ৰাস

দুই-চাৰিটা ব’ম, ফটকা দি দায় সাৰিছে বন বিভাগেঃ নিতৌ তহিলং কৰিছে ধাননি

0 40

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ১৯ অক্টোবৰঃ লখিমপুৰ জিলাৰ অসম-অৰুণাচল সীমান্তৱৰ্তী দ্ৰোপাং-মধুপুৰ আদি অঞ্চলত এতিয়া নিতৌ ধাননি পথাৰত বন্যহস্তীয়ে উপদ্ৰৱ চলোৱাৰ ফলত কৃষকসকলে মূৰে কপালে হাত দিবলগা পৰিস্থিতিৰ সৃষ্টি হৈছে৷ বিশেষকৈ পাহাৰৰ দাঁতি কাষৰীয়া তথা হাৰমতী আঞ্চলিক বন কাৰ্যালয়ৰ অন্তৰ্গত দ্ৰোপাং, মধুপুৰ, শান্তিপুৰ, তৰাজুলি আদিত অৰুণাচল পাহাৰৰ পৰা ওলাই অহা বনৰীয়া হাতীৰ এটা জাকে পকিবলৈ ধৰা ধান খাই, গছকি তহিলং কৰি আহিছে যদিও বন বিভাগে এনে কাৰ্য ৰোধ কৰাত ব্যৰ্থতা প্ৰদৰ্শন কৰি আহিছে৷ মাজে সময়ে বন বিভাগৰ দুই এজন কৰ্মচাৰী গৈ ৰাইজক হাতীৰ উপদ্ৰৱৰ পৰা হাত সাৰিবলৈ দুই-চাৰিটা ব’ম, ফটকা অথবা দুই এটা ৰ্টচ লাইট যোগান ধৰিয়ে দায় সাৰি আহিছে৷ পাহাৰৰ দাঁতি কাষৰীয়া গাঁও সমূহৰ বাসিন্দাসকলে এতিয়া গজৰাজৰ সন্ত্ৰাসত নিতৌ বিনিদ্ৰ ৰজনী কটাবলগীয়া হৈছে৷ এইবাৰ এই গাঁওসমূহৰ লোকসকলে হাতীৰ বাবেই খেতি চপাবলৈ নাপাব বুলি আজি সেই অঞ্চলৰ কেবাজনো কৃষকে জানিবলৈ দিছে৷ সন্ধিয়া নামি অহাৰ লগে লগে অৰুণাচল পাহাৰৰ পৰা ওলাই অহা হাতীৰ জাকে এই গাঁওসমূহত বিভিন্ন ফল মূল খাই অনিষ্ট সাধন কৰি অহাৰ লগতে সমান্তৰাল ভাৱে ধাননি পথাৰত সোমাই প্ৰতিনিশা ধান খাই খাস্তাং কৰি আহিছে৷ উপায়হীন কৃষকসকলে হাতে হাতে জোৰ লৈ টিং বজাই হাতী খেদিবলৈ চেষ্টা কৰে যদিও তেওঁলোকৰ তেনে প্ৰচেষ্টা অথলে যোৱা বুলিও কৃষকসকলে জানিবলৈ দিছে৷ সেয়েহে এই ক্ষেত্ৰত লখিমপুৰ জিলাৰ সংশ্লিষ্ট হাৰমতী আঞ্চলিক বন কাৰ্যালয়ক বন্য হস্তীৰ উপদ্ৰৱ ৰোধৰ বাবে ৰাইজে বন বিভাগক আহ্বান জনাইছে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More