লখিমপুৰৰ বাইপাছত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত এজন

পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিঃ আৰক্ষীৰ শূন্যলৈ গুলী 

0 18
অৰুণাচলী বাহনৰ খুন্দাত বাইক আৰোহীৰ থিতাতে মৃত্যু
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২ নৱেম্বৰঃ লখিমপুৰৰ নিৰ্মীয়মান বাইপাছত পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি আজি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ এই দুৰ্ঘটনাত এখন অৰুণাচলী তীব্ৰ বেগী বাহনৰ খুন্দাত এজন যুৱকৰ থিতাতে মৃত্যু হোৱাত এনে পৰিস্থিতি উদ্ভৱ হোৱাৰ লগতে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে শূন্যলৈ গুলীচালনা কৰিবলগীয়া হয়৷ ঘটনাৰ বিৱৰণীত প্ৰকাশ যে আজি পুৱা প্ৰায় ৮.৩০ বজাত লখিমপুৰৰ নিৰ্মীয়মান বাইপাছৰ চাবতিৰ বৃন্দাবন ৰেষ্টুৰেণ্টৰ সন্মুখত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ গণেশ মন্দিৰ সমীপৰ পৰা ধেমাজি অভিমুখে যোৱা অৰুণাচলৰ এ আৰ ০১ এইছ ০৪৮৫ নম্বৰৰ তীব্ৰবেগী নিছান ৰেডী গ’ বাহনখনে এ এচ ০৭ এম ২০৮৪ নম্বৰৰ পালচাৰ বাইকখনক পিছফালৰ পৰা খুন্দা মৰাত বাইক আৰোহী নূৰ ইছলাম [৩৫] কিছু দূৰত চিটিকি পৰি ঘটনাস্থলীতে মৃত্যু হয়৷ বাইপাছৰ নিচেই সমীপৰ তথা চাবতিৰ নিবাসী বিবাহিত যুৱক তথা তিনি সন্তানৰ পিতৃ নূৰ ইছলামৰ মৃত্যুৰ খবৰ লাভ কৰাৰ পিছতে অঞ্চলটোৰ শ শ পুৰুষ মহিলা ওলাই আহি পথ অৱৰোধ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে৷ বাহনখনৰ চালকজনৰ লগতে আৰোহী কেইজনক একাংশ লোকে আবদ্ধ কৰি আক্ৰমণ কৰাৰ সময়তে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তেওঁলোকক উদ্ধাৰ কৰাৰ লগতে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে শূন্যলৈ এজাই গুলী চালনা কৰে৷ ইয়াৰ পিছতো উত্তেজিত লোকসকল আঁতৰি নগৈ মৃতদেহ ঘেৰাও কৰি আৰক্ষীক মৃতদেহ আঁতৰাই নিয়াৰ ক্ষেত্ৰত বাধা প্ৰদান কৰে৷ ঘটনাৰ প্ৰায় এঘণ্টাৰ পিছত লখিমপুৰৰ উচ্চ পদস্থ আৰক্ষী বিষয়া উপস্থিত হৈ পৰিস্থিতিৰ নিয়ন্ত্ৰণ কৰাৰ লগতে মৃতদেহ উদ্ধাৰ কৰি নিয়ে৷ এই ঘটনাই আজি লখিমপুৰত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰে৷ উল্লেখ্য যে লখিমপুৰৰ বাইপাছত অৰুণাচলৰ তীব্ৰবেগী বাহনে সঘনাই দুৰ্ঘটনা কৰি অহাৰ ফলত বহু লোকৰ অকালতে মৃত্যু হৈ আহিছে৷
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More