লখিমপুৰৰ ভূমিত অৰুণাচলীয়ে খান্দিছে বৃহৎ পুখুৰী, হাল বাই বেদখল কৰিছে কৃষি পথাৰ

অসম অৰুণাচল সীমান্তত অৰুণাচলীৰ আগ্ৰাসন অব্যাহত

0 37

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ৭ জুলাইঃ  লখিমপুৰ জিলাত অৰুণাচলীৰ আগ্ৰাসন দিনক দিনে বৃদ্ধি পোৱাৰ লগতে এতিয়া অৰুণাচলীয়ে অসমৰ ৰাজহ ভূমিত কৃষি পথাৰ মুকলি কৰাৰ লগতে বৃহৎ বৃহৎ পুখুৰী খন্দি বেদখল আৰম্ভ কৰিছে। বিশেষকৈ সীমান্তৱৰ্তী তথা নাৰায়ণপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত দ্ৰোৰপাং অঞ্চলত অৰুণাচলীয়ে এতিয়া অসমৰ ৰাজহ ভূমিত বৃহৎ বৃহৎ পুখুৰী খান্দি বেদখল অব্যাহত ৰাখিছে যদিও লখিমপুৰ জিলা প্ৰশাসনে উক্ত আগ্রাসন ৰোধ কৰাত ব্যৰ্থতা প্ৰদৰ্শন কৰি আহিছে। IMG 20220707 WA0019অৰুণাচলীয়ে অসমৰ বনাঞ্চল ধ্বংস কৰাৰ সমান্তৰাল ভাবে বিহপুৰীয়া বন খণ্ডৰ অন্তৰ্গত দ্ৰোপাং অঞ্চলত ফকলেনেৰে অসমৰ ৰাজহ ভূমিত পুখুৰী খন্দাত ৰাইজে ইয়াৰ তীব্ৰ বিৰোধিতা কৰাৰ লগতে প্ৰশাসনক এনে কাৰ্য ৰোধ কৰিবলৈ দাবী জনায়। অৰুণাচলীয়ে সীমান্তৰ পৰা প্ৰায় আধা কিলোমিটাৰ ভিতৰত থাকি অসমৰ ভূমিত পুখুৰী খন্দাৰ পিছত শিমলুগুৰি আৰক্ষীচকীৰ এটা দল উপস্থিত হৈ পুখুৰী খান্দি থকা দুখনকৈ ফকলেন জব্দ কৰে। পৰবৰ্তী সময়ত উক্ত স্থানত বিহপুৰীয়া আৰক্ষী, শিমগুৰি আৰক্ষী আৰু চক্ৰ বিষয়াই বিবদমান অঞ্চলটো পৰিদৰ্শন কৰে। ইফালে জিলাখনৰ সীমান্তবর্তী বগীনদী উন্নয়ন খণ্ডৰ অন্তৰ্গত তথা কদম ৰাজহ চক্ৰৰ তাৰিয়নি বন খণ্ডৰ সমীপত অৰুণাচলীয়ে এতিয়া অসমৰ ভূমিত হাল বাই কৃষিপথাৰ মুকলি কৰি বেদখল আৰম্ভ কৰিছে। লখিমপুৰৰ বন বিভাগে উক্ত কাৰ্য প্ৰত্যক্ষ কৰি অৰুণাচলীৰ আগ্ৰাসন ৰোধৰ বাবে তৎপৰ হৈছে যদিও অৰুণাচলীয়ে তেওঁলোকৰ আগ্ৰাসন বন্ধ কৰা নাই।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More