লখিমপুৰৰ মহাইজানত আই জি এচ এচ এচৰ সামগ্ৰী বিতৰণ

0 43

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ ২২ মাৰ্চঃ লখিমপুৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত মহাইজান পতিয়া গাঁৱৰ ৰাজহুৱা মঞ্চত ইন্দু গ্ল’বেল ছচিয়েল চাৰ্ভিছ চচাইটিৰ উদ্যোগত আৰু এইচ ডি এফ চি বেংকৰ অৰ্থ সাহাৰ্যত মংগল বাৰে “এখন সমল হস্তান্তৰ আৰু বিতৰণ সভা অনুষ্ঠিত কৰা হয়। আই জি এছ এছ এছৰ কৰ্মী মন্টু শইকীয়াৰ সঞ্চালনাত অনুষ্ঠিত সভাখনত বিশিষ্ট অতিথি হিচাবে ডাঃ উমাৰাম তামুলী বিজ্ঞান গুৰু লখিমপুৰ পশু চিকিৎসা মহাবিদ্যালয়, ডাঃ ছত্ৰপতি গয়াৰী, জিলা পশু পালন আৰু চিকিৎসা বিভাগ, লখিমপুৰ, প্ৰফুল দত্ত ন-কদম গাওঁ সভাপতি লগতে বিভিন্ন গাঁৱৰ পৰা ২০০ৰো অধিক ব্যক্তিয়ে এই গাম্ভীৰ্য্য পূৰ্ণ সভাখনত অংশগ্ৰহণ কৰে। সভাৰ আদৰণি ভাষণ ৰাখে আই জি এছ এছ এছৰ বিষয়া ৰাজেন শইকীয়াৰ লগতে সভাৰ উদেশ্য ব্যখ্যা কৰে অনুষ্ঠানটোৰ ৰাজ্যিক সমন্বয়ক ধৰণী পায়েং। পায়েঙে বৰ্তমান অৱস্থাত এই বানাক্ৰান্ত অঞ্চলৰ আৰ্থ সামাজিক উন্নয়নৰ বাবে কি কি কাম কৰিছে সবিশেষ অৱগত কৰাৰ লগতে ভবিষ্যতে কাম সমূহ আগুৱাই নিয়াৰ ক্ষেত্ৰত চৰকাৰ আৰু পঞ্চায়তৰ সহযোগত কেনেদৰে জনসাধাৰণৰ মৌলিক সমস্যা সমুহ যৌথ প্ৰচেষ্টাত সমাধান কৰিবলৈ সক্ষম হব পাৰে তাৰ পৰামৰ্শ বিচাৰি বক্তব্য সামৰণি মাৰে। সভাত বিশিষ্ট অতিথি হিচাবে উপস্থিত থকা ডাঃ উমাৰাম তামুলীয়ে এই অতিকৈ পিচপৰা জনসাধাৰণৰ সাম্প্ৰতিক পৰিস্থিতিত উন্নয়ন আৰু বিকাশৰ ক্ষেত্ৰত আই জি এছ এছ এছ এ কৰি অহা কামক ভূয়সী প্ৰশংসা কৰাৰ লগতে জনসাধাৰণক অনাগত দিনবোৰত অধিক সক্ৰিয়তাৰে কাম কৰি যাবলৈ আহ্বান জনোৱাৰ লগতে গাঁও সমূহত কাম কৰাৰ ক্ষেত্ৰত আই জি এছৰ লগত সহযোগিতাৰে কাম কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। উক্ত অনুষ্ঠানত জিলা পশুপালন বিষয়া ডাঃচত্ৰপতি গয়াৰী লগতে ন কদম গাওঁ পঞ্চায়তৰ সভাপতি প্ৰফুল্ল দত্ত, আৰু সমাজ কল্যান বিভাগৰ প্ৰতিনিধি সিদ্ধাৰ্থ প্ৰতিম দত্তই আই জি এছ এছ এছৰ কৰ্মৰাজিক প্ৰশংসা কৰাৰ লগতে দুৰ্গত অঞ্চলৰ ৰাইজৰ মাজত থাকি গ্ৰাম্য অঞ্চলৰ দৰিদ্ৰ জনসাধাৰণৰ উন্নয়নৰ বাবে যি কাম কৰিছে সেইয়া অতি উল্লেখনীয় বুলি বক্তব্য ৰখাৰ লগতে অনাগত দিনবোৰত অধিক সক্ৰিয়তাৰৰে আৰু বিভাগসমূহেও কাম কৰি যোৱাত সহযোগিতা আগবঢ়াবলৈ চেষ্টা কৰাৰ কথা অৱগত কৰে। উক্ত সভাত আই জি এছ এছ এছৰ কৰ্মী ৰেৱত বৰুৱা, অন্তৰা ৰাজকোঁৱৰ, অনন্ত বড়ো, লগতে এলিচ কংগাদী উপস্থিত থাকে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More