লখিমপুৰৰ মিচিং যুৱতী মালতীৰ তাঁত শালত প্ৰাণ পাই উঠিছে অসম সাহিত্য সভাৰ বহু কাণ্ডাৰীয়ে

অসম সাহিত্য সভাৰ নাৰায়ণপুৰ অধিৱেশনত গামোচাত জিলিকিব বিশিষ্ট সাহিত্যিকৰ প্ৰতিচ্ছবি

0 205

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ, ৬ জানুৱাৰীঃ  অসমৰ সৰ্ববৃহৎ জাতীয় অনুষ্ঠান অসম সাহিত্য সভাৰ ষষ্ঠসপ্ততিতম পূৰ্ণাঙ্গ নাৰায়ণপুৰ অধিৱেশনখন এইবাৰ ৩১ জানুৱাৰীৰ পৰা ৪ ফ্ৰেব্ৰুৱাৰীলৈ লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ বৰখামটি পথাৰ [মণিকাঞ্চন ক্ষেত্ৰ]ত অনুষ্ঠিত হ’ব৷WhatsApp Image 2023 01 05 at 7.02.56 PM অধিৱেশনখন সুকলমে অনুষ্ঠিত কৰাৰ বাবে আদৰণি সমিতিয়ে সকলো প্ৰচেষ্টা অব্যাহত ৰাখিছে৷ প্ৰায় ৭৭৬ বিঘা ভূমিৰে আগুৰা ক্ষেত্ৰত এই অধিৱেশন অনুষ্ঠিত হ’ব৷ সু-খবৰ যে এইবাৰ সাহিত্য সভাৰ এই নাৰায়ণপুৰ অধিৱেশনত গামোচাত প্ৰদৰ্শিত হ’ব অসম সাহিত্য সভাৰ বহু কাণ্ডাৰীৰ হুবহু প্ৰতিচ্ছবি৷ অধিৱেশনৰ প্ৰদৰ্শনী মেলাত এই বিশিষ্ট সাহিত্যিক সকলৰ প্ৰতিচ্ছবি গামোচাত প্ৰদৰ্শিত হ’ব৷ তদুপলক্ষে লখিমপুৰ জিলাৰ অতি ভিতৰুৱা অঞ্চল গড়ছিগাৰ এগৰাকী ষোড়শী যুৱতী শিপিনীয়ে নিজৰ তাঁত শালত বৈ উলিয়াইছে এই সকল সাহিত্যিকৰ প্ৰতিচ্ছবি৷ মালতী দলে নামৰ উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ গড়ছিগাৰ তাঁতিয়েমৰা জংকাপ গাঁৱৰ লক্ষ্মীনাথ দলেৰ কন্যা তথা হস্ততাঁত বস্ত্ৰশিল্প প্ৰশিক্ষণ প্ৰতিষ্ঠান লখিমপুৰৰ প্ৰশিক্ষাৰ্থী মালতিয়ে এতিয়া নিজ হাতেৰে অসম সাহিত্য সভাৰ অন্যতম কাণ্ডাৰী পদ্মনাথ গোহাঞি বৰুৱা, লক্ষ্মীনাথ বেজবৰুৱা, হোমেন বৰগোহাঞি, ড॰ নিৰ্মল প্ৰভা বৰদলৈ, নলিনীবালা দেৱী, ড॰ মামণি ৰয়চম গোস্বামী, ৰঘুনাথ চৌধুৰী, নৱকান্ত বৰুৱা আদিৰ প্ৰতিচ্ছবি গামোচাত বৈ উলিয়াইছে৷ হস্ততাঁত বস্ত্ৰশিল্প আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান লখিমপুৰৰ পৰিদৰ্শক মনোজ হাজৰিকাৰ তত্ত্বাৱধানত এই গৰাকী যুৱতীয়ে এতিয়া নিজৰ তাঁত শালত দিনে-নিশাই সাহিত্য কাণ্ডাৰীসকলৰ প্ৰতিছবি প্ৰাণ দিয়াৰ চেষ্টা অব্যাহত ৰাখিছে৷ এনে এখন প্ৰতিচ্ছবি গামোচাত বৈ উলিয়াবলৈ প্ৰায় ৪-৭ দিনৰ সময়ৰ প্ৰয়োজন হয় বুলি আজি যুৱতী গৰাকীয়ে জানিবলৈ দিয়ে৷WhatsApp Image 2023 01 05 at 7.02.53 PM নিজৰ একাগ্ৰতা আৰু উদ্ভাৱনী শক্তিৰে এই গৰাকী যুৱতীয়ে এনেদৰে গামোচাত সাহিত্য কাণ্ডাৰীসকলৰ প্ৰাণ দিবলৈ সক্ষম হৈছে৷ তেওঁ হুবহু ভাৱে এনেদৰে সাহিত্যিকসকলৰ প্ৰতিচ্ছবি গামোচাত বৈ উলিওৱা কাৰ্যই তেওঁৰ প্ৰতিভা বিকশিত হৈ উঠিছে৷ সৰুৰে পৰা তাঁত শালৰ লগত জড়িত মিচিং জনগোষ্ঠীৰ এই গৰাকী সু-নিপুণ যুৱতী শিপিনীয়ে ইতিপূৰ্বে গামোচাত গঁড়, পহু, চৰাই, গছ-লতা, ঢোল-তাল আদিৰ প্ৰতিচ্ছবি বৈ বিশেষ সমাদৰ লাভ কৰি আহিছে৷ এইবাৰো তেওঁৰ এনে প্ৰচেষ্টাই সাহিত্য সভাত বিশেষ সমাদৰ লাভ কৰিব বুলি সকলোৱে আশা প্ৰকাশ কৰিছে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More