লখিমপুৰৰ লালুকত মহিলাক বলাৎকাৰৰ অপচেষ্টা

অভিযুক্তক আৰক্ষীৰ ৰক্ষণাবেক্ষণৰ অভিযোগ ভূক্তভোগী মহিলাৰ

0 18

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ , লখিমপুৰ, ৩০ ডিচেম্বৰঃ লখিমপুৰ জিলাৰ লালুক থানাৰ অন্তৰ্গত লক্ষণাবড়িত যোৱা ২৭ ডিচেম্বৰত এগৰাকী মহিলাক এজন লোকে বলাৎকাৰৰ অপচেষ্টা চলোৱাৰ অভিযোগ উত্থাপিত হৈছে৷ সেইদিনাই ভূক্তভোগী মহিলাগৰাকীয়ে লালুক থানাত এজাহাৰ দাখিল কৰাৰ পিছতো এই পৰ্যন্ত আৰক্ষীয়ে অভিযুক্তক আটক নকৰা কাৰ্যত অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ যাৰফলত ২৯ ডিচেম্বৰত গাঁওখনৰ একাংশ লোক ওলাই আহি লালুক থানাত উপস্থিত হৈ অভিযুক্তক কৰায়ত্তৰ দাবী জনায়৷ ইফালে দুৰ্ভগীয়া তথা দিন হাজিৰা কৰি পৰিয়াল পোহপাল দিয়া মহিলাগৰাকীয়ে আজি সাংবাদিকক কয় যে আৰক্ষীয়ে ঘটনাৰ লগত জড়িত অভিযুক্তক ৰক্ষণা বেক্ষণ দিয়াৰ প্ৰচেষ্টা চলাইছে৷ প্ৰাপ্ত অভিযোগ অনুসৰি উক্ত দিনা মহিলাগৰাকীয়ে লক্ষণাবড়িস্থিত ৰমেন বৰাৰ কৃষি পামত কাম কৰি থকা অৱস্থাত  প্ৰমোদ গগৈ নামৰ লোকজনে অসৎ কাৰ্য চৰিতাৰ্থ কৰাৰ মানসেৰে তেওঁক মাটিত বগৰাই বলাৎকাৰৰ প্ৰচেষ্টা চলায়৷ ইয়াৰ পিছতে মহিলাগৰাকীয়ে চিঞৰ-বাখৰ কৰাত কৃষি পামৰ মালিক ৰমেন বৰা উপস্থিত হৈ তেওঁক কৰায়ত্ত কৰাৰ চেষ্ট কৰে যদিও তেওঁ ওলোতাই একাংশ লোকৰ লগতে ৰমেন বৰাক আক্ৰমণ কৰি পলায় যায়৷ এই ঘটনাৰ পিছত মহিলাগৰাকীয়ে আৰক্ষীৰ কাষ চাপে যদিও এই পৰ্যন্ত মহিলাগৰাকীয়ে সু-ফল লাভ কৰা নাই৷ অৱশ্যে ঘটনা সন্দৰ্ভত লালুক আৰক্ষীয়ে গোচৰ ৰজু কৰি তদন্ত অব্যাহত ৰাখিছে যদিও অভিযুক্তক আটক কৰিবলৈ সক্ষম হোৱা নাই৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More