লখিমপুৰৰ ৭ মেধাবী ছাত্ৰ-ছাত্ৰীক  জিলা প্ৰশাসনৰ সম্বৰ্ধনা

0 41
শতাব্দ প্ৰতিনিধি, লখিমপুৰ ৮ জুন:  ৭ জুনত ঘোষিত হাইস্কুল শিক্ষান্ত আৰু হাইমাদ্ৰাছা পৰীক্ষাৰ ফলাফলত সমগ্ৰ অসমৰ ভিতৰতে প্ৰথম দহ জনৰ ভিতৰত স্থান অধিকাৰ কৰিবলৈ সক্ষম হোৱা লখিমপুৰ জিলাৰ ছাত্র-ছাত্ৰীসকলক আজি লখিমপুৰ জিলা প্ৰশাসনৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়। লখিমপুৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত সম্বৰ্ধনা অনুষ্ঠানত সমগ্ৰ অসমৰ ভিতৰত প্ৰথম স্থান অধিকাৰ কৰা উত্তৰ লখিমপুৰ চেইণ্ট মেৰিজ স্কুলৰ ছাত্ৰ ৰক্তোৎপল শইকীয়া, তৃতীয় স্থান অধিকাৰ কৰা বিহপুৰীয়াৰ লোহিত ডিক্ৰং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ পার্থপ্ৰতীম দাস, পঞ্চম স্থান অধিকাৰ কৰা উত্তৰ লখিমপুৰ চেইণ্ট মেৰিজ স্কুলৰ ছাত্ৰ ইকুইট এবট দত্ত, সপ্তম স্থান অধিকাৰ কৰা জৱাহৰজ্যোতি হাইস্কুলৰ ছাত্ৰী শৰ্মিষ্ঠা ভাগৱতী, নৱম স্থান অধিকাৰ কৰা জ্ঞানজ্যোতি একাডেমী, নাৰায়ণপুৰৰ ছাত্ৰ পার্থপ্ৰতিম বৰা, দশম স্থান অধিকাৰ কৰা উত্তৰ লখিমপুৰ চেইণ্ট মেৰিজ স্কুলৰ ছাত্ৰ অয়ন মিত্ৰ আৰু হাইমাদ্ৰাছা পৰীক্ষাত তৃতীয় স্থান অধিকাৰ কৰা দৌলতপুৰ মাদ্ৰাছাৰ ছাত্ৰী চাহনাজ পাৰবিনক জিলা প্ৰশাসনৰ তৰফৰ পৰা কিতাপৰ টোপোলা, জাপি আৰু গামোচাৰে সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানত মেধাৱী পৰীক্ষাৰ্থীসকলৰ লগতে তেঁওলোকৰ অভিভাৱকসকলকো সম্বৰ্ধনা জনোৱা হয়। উল্লেখযোগ্য যে এইবাৰ জিলাখনৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৬ গৰাকী আৰু হাইমাদ্ৰাছা পৰীক্ষাত এগৰাকীকে ধৰি মুঠ ৭ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অসমৰ ভিতৰতে প্ৰথম দহ গৰাকী মেধাৱী ছাত্ৰৰ তালিকাত নিজৰ নাম অন্তৰ্ভুক্ত কৰি জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয়। আজিৰ অনুষ্ঠানত সাংসদ প্ৰদান বৰুৱা, লখিমপুৰৰ বিধায়ক মানৱ ডেকা, উপায়ুক্ত সুমিত চত্তাৱন, বিদ্যালয় সমূহৰ পৰিদৰ্শক ড° ৰমেশ চন্দ্ৰ চুতীয়া প্ৰমুখ্যে শিক্ষা বিভাগৰ বিষয়া কৰ্মচাৰীসকল, বিদ্যালয়সমূহৰ অধ্যক্ষ, প্ৰধান শিক্ষক-শিক্ষয়িত্ৰীসকল আৰু অভিভাৱক অভিভাৱিকাসকল উপস্থিত থাকে। আজিৰ অনুষ্ঠানতে সাংসদ প্ৰদান বৰুৱাই হাইমাদ্ৰাছা পৰীক্ষাত তৃতীয় স্থান অধিকাৰ কৰা দৌলতপুৰ মাদ্ৰাছাৰ ছাত্ৰী  চাহনাজ পাৰবিনৰ উচ্চশিক্ষাৰ দায়িত্ব গ্ৰহণ কৰাৰ লগতে বিধায়ক মানৱ ডেকাই ইকুইট এবট দত্ত আৰু অয়ন মিত্ৰৰ উচ্চ শিক্ষাৰ দায়িত্ব গ্ৰহণ কৰে।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More