লখিমপুৰ চক্ৰ জলসম্পদ সংমণ্ডলৰ অধীক্ষক-কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয়ত ব্যাপক অনিয়ম

অধীক্ষক অভিযন্তা কাৰ্যালয় সহায়কক শাস্তিমূলক বদলি

0 155

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২০ ছেপ্টেম্বৰঃ লখিমপুৰ চক্ৰৰ জলসম্পদ সংমণ্ডলৰ অধীক্ষক অভিযন্তাৰ কাৰ্যালয়ৰ লগতে কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয়ত এতিয়া ব্যাপক অনিয়ম সংঘটিত হৈ আহিছে৷ লখিমপুৰ চক্ৰৰ অধীক্ষক অভিযন্তা কাৰ্যালয়ৰ এজন কাৰ্যালয় সহায়কৰ জালিয়াতি ধৰা পৰাৰ পিছত আজি অনন্ত দাস নামৰ এইজন কৰ্মচাৰীক জিলা উপায়ুক্ত কাৰ্যালয়লৈ শাস্তিমূলক বদলি কৰা হয়৷ উল্লেখ্য যে ঠিকাদাৰৰ পঞ্জীয়ন, নবীকৰণ, বিষয়া কৰ্মচাৰীৰ পদোন্নতি আদিৰ নামত এতিয়া এই কাৰ্যালয় দুটাত ব্যাপক ৰূপত ধন সংগ্ৰহ কৰি থকাৰ অভিযোগ উত্থাপিত হৈছে৷ প্ৰাপ্ত অভিযোগ অনুসৰি কাৰ্যবাহী অভিযন্তা কাৰ্যালয়ৰ মুখ্য সহায়ক ভূমিক সোণোৱালে ঠিকাদাৰৰ বিভাগীয় পঞ্জীয়ন, নবীকৰণৰ নামত ধন সংগ্ৰহ কৰি অহাৰ উপৰি এইগৰাকী কৰ্মচাৰী একাংশ তলৰ কৰ্মচাৰীৰ পৰা প্ৰমোচনৰ নামত হকে বিহকে বিভিন্ন সময়ত ধন সংগ্ৰহ কৰি আহিছে৷ কৰ্মচাৰীৰ পদ্দোন্নতিৰ সময়ৰ বহু পূৰ্বেই ধনৰ বিনিময়ত একাংশ কৰ্মচাৰীৰ নাম তালিকা উন্নীত কৰি ফাইল সাজু কৰে৷ যাৰ ফলত এনে তালিকাত অযোগ্য কৰ্মচাৰীয়েও বক্ৰ পথেৰে স্থান লাভ কৰিবলৈ সক্ষম হয়৷ চৰকাৰৰ নিৰ্দেশনা গুপুতে ৰাখি এনেদৰে কাৰ্যালয়টোত ব্যাপক অনিয়ম সংঘটিত কৰি অহা হৈছে বুলি প্ৰাপ্ত অভিযোগত প্ৰকাশ৷ ২০১৫ চনৰ ফেব্ৰুৱাৰী মাহত দায়িত্বভাৰ লোৱা এইগৰাকী মুখ্য সহায়কক এনে কাৰ্যত কাৰ্যালয়টোৰ গাণনিক উৎপল ব্ৰহ্মই সহায় কৰি অহা বুলিও প্ৰকাশ৷ তদুপৰি কোনো এজন ঠিকাদাৰৰ পঞ্জীয়নৰ বাবে প্ৰয়োজনীয় নথি-পত্ৰ অবিহনেই বৃহৎ পৰিমাণৰ ধনৰ বিনিময়ত কাৰ্যালয়টোত ঠিকাদাৰক পঞ্জীয়ন কৰি অহাৰ অভিযোগ উত্থাপিত হৈছে৷ ইফালে লখিমপুৰ চক্ৰৰ অধীক্ষক অভিযন্তা কাৰ্যালয়ৰ মুখ্য সহায়ক তৰুণ মৰাঙেও দীৰ্ঘদিন ধৰি কাৰ্যালয়টোত বক্ৰ পথেৰে ঠিকাদাৰৰ পঞ্জীয়নত সহায় কৰি অহাৰ লগতে একাংশ ঠিকাদাৰক অধীক্ষক জনৰ পৰা কাম লৈ দিয়াৰ প্ৰলোভনেৰে বৃহৎ পৰিমাণৰ ধন সংগ্ৰহ কৰি অহা বুলি চৰ্চিত হৈছে৷ কাৰ্যালয়টোত দ্বিতীয় শ্ৰেণীৰ ঠিকাদাৰৰ পঞ্জীয়নৰ নামতো ব্যাপক ধনৰ লেন দেন হয় বুলি প্ৰাপ্ত অভিযোগত প্ৰকাশ৷ অৱশ্যে মুখ্য সহায়কজনে অধীক্ষকৰ নামত ধন সংগ্ৰহ কৰাৰ বিষয়ে অধীক্ষক অভিযন্তা এছ ডেকাৰ পৰা আজি জানিব বিছৰাত তেওঁ এই সন্দৰ্ভত অজ্ঞতা প্ৰকাশ কৰাৰ লগতে প্ৰয়োজন সাপেক্ষে ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি কয়৷ আনহাতে লখিমপুৰ চক্ৰৰ অধীক্ষক অভিযন্তাজন প্ৰায়ে কাৰ্যালয়ত অনুপস্থিত থকাৰ সুবিধা গ্ৰহণ কৰি আহিছে কাৰ্যালয়টোৰ একাংশ কৰ্মচাৰীয়ে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More