লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত পোন প্ৰথমবাৰৰ বাবে দুটাকৈ গুৰুত্বপূৰ্ণ অস্ত্ৰোপচাৰ সম্পন্ন

0 375

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২১ মাৰ্চঃWhatsApp Image 2023 03 21 at 8.02.21 PM 1 লখিমপুৰ চিকিৎসা মহাবিদ্যালয়খনলৈ ক্ৰমান্বয়ে গতিশীলতা আহিবলৈ ধৰিছে৷ দুটাকৈ গুৰুত্বপূৰ্ণ অস্ত্ৰোপচাৰ যোৱা দুটা দিনত সম্পন্ন কৰি তুলিছে লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসকৰ দলে৷ সোমবাৰে লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত শল্য চিকিৎসক ডাঃ গৌতম কুটুমৰ নেতৃত্বত চিকিৎসকৰ এটা দলে প্ৰথমবাৰৰ বাবে এগৰাকী মহিলাৰ স্তন কেন্সাৰৰ সফল অস্ত্ৰোপচাৰ কৰাৰ পিছত আজি চিকিৎসা মহাবিদ্যালয়খনত প্ৰথমবাৰৰ বাবে এজন ৰোগীৰ আঁঠু সংস্থাপন কৰা হয়৷ অস্থি বিশেষজ্ঞ ডাঃ বিপিন বৰঠাকুৰৰ নেতৃত্বত চিকিৎসকৰ এটা দলে আজি এজন ৰোগীৰ এনেদৰে সফল ভাৱে আঁঠু সংস্থাপনৰ অস্ত্ৰোপচাৰ কৰে৷ চিকিৎসালয়খনত নতুনকৈ অধীক্ষক হিচাপে দায়িত্ব গ্ৰহণ কৰা ডাঃ ৰক্তিম বৰগোঁহায়ে চিকিৎসা মহাবিদ্যালয়খনৰ বিভিন্ন আসোঁৱাহ সমূহ দূৰ কৰাৰ প্ৰচেষ্টা চলোৱাৰ লগতে চিকিৎসা মহাবিদ্যালয়খনক নতুন মাত্ৰা প্ৰদান কৰিবলৈ বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে৷ এই ক্ষেত্ৰত চিকিৎসালয়খনৰ অতিৰিক্ত অধীক্ষক ডাঃ নিখিল কাকতিসহ চিকিৎসা মহাবিদ্যালয়খনৰ সকলো চিকিৎসক, নাৰ্চ, স্বাস্থ্যকৰ্মী আদিয়ে তেওঁক সহযোগিতা আগবঢ়োৱা পৰিলক্ষিত হৈছে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More