লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত অস্ত্ৰোপচাৰ কক্ষতে গৰ্ভাৱতী মহিলাৰ মৃত্যু

কৰ্তৃপক্ষৰ বিৰুদ্ধে এজাহাৰ দাখিলঃ উপায়ুক্তৰ তদন্ত আৰম্ভ

0 128
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২ জুনঃ লখিমপুৰ মেডিকেল কলেজ আৰু হাস্পতালত আজি এগৰাকী গৰ্ভৱতী মহিলাৰ মৃত্যুক কেন্দ্ৰ কৰি চিকিৎসালয়খনত চেপা উত্তেজনাৰ সৃষ্টি হয়। হাস্পতাল কর্তৃপক্ষৰ হেমাহীৰ বাবেই এগৰাকী প্রসূতি মহিলাৰ মৃত্যু হোৱা বুলি ইতিমধ্যে উত্তৰ লখিমপুৰ সদৰ থানাত মহিলাগৰাকীৰ স্বামী প্ৰাণে পাটগিৰিয়ে এজাহাৰ দাখিল কৰাৰ পিছত জিলা উপায়ুক্তই বিষয়টো গুৰুত্ব সহকাৰে লৈ তদন্ত আৰম্ভ কৰিছে। আজি এই ঘটনা সংঘটিত হয় দিনৰ প্ৰায় ১.৩০ বজাত। এজাহাৰকাৰী তথা বিশ্বনাথ জিলাৰ গহপুৰ মহকুমাৰ ৰঙামুৰী নিবাসী প্রাণে পাটগিৰিয়ে আজি উত্তৰ লখিমপুৰ সদৰ থানাত দাখিল কৰা এজাহাৰ অনুসৰি তেওঁৰ পত্নী তথা সন্তান সম্ভৱা পাটগিৰিক যোৱা ৩১ মেত লখিমপুৰ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালত অস্ত্ৰোপচাৰৰ বাবে ভৰ্তি কৰায়। উত্তৰ লখিমপুৰ মেডিকেল কলেজত ভৰ্তি কৰা এইগৰাকী মহিলাক তথা প্রসূতিক চিকিৎসকে সময়মতে গুৰুত্ব নিদিয়াৰ বাবেই আৰু অস্ত্ৰোপচাৰত কৰা হেমাহীৰ বাবেই আজি দুপৰীয়া ১.৩০ বজাত প্ৰসূতিগৰাকীয়ে মৃত্যুক সাৱতি লয় বুলি এজাহাৰত উল্লেখ কৰিছে। মহাবিদ্যালয়খনত অস্ত্রেপ্রচাৰৰ সময়ত বিদ্যুৎ নথকা, জেনেৰেটৰত তেল নথকাৰ বাবেই অস্ত্ৰেপ্ৰচাৰৰ সময় পাৰ হৈ যোৱাৰ বাবেই সন্তানসহ প্রসূতি মহিলাগৰাকীৰ মৃত্যু হয় বুলি প্ৰাণে পাটিগিৰিয়ে মহাবিদ্যালয় কর্তৃপক্ষৰ বিৰুদ্ধে আজি বিয়লি এজাহাৰ দাখিল কৰে। ইতিমধ্যে উক্ত বিষয় সন্দৰ্ভত জিলা উপায়ুক্তই বিষয়টো গুৰুত্ব সহকাৰে লৈ তদন্ত আৰম্ভ কৰা বুলি এক সূত্ৰই সদৰি কৰিছে।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More