অভ্যন্তৰত কি ঘটিছে ? নামতহে উন্নীত হ’ল নেকি চিকিৎসা মহাবিদ্যালয়ঃ আই. চি. ইউ. চলাবলৈ নাই প্রয়োজনীয় টেকনেচিয়ানঃ নামতহে আছে চিকিৎসকঃ অ’ পি. ডিত নাৰ্চেই ৰোগীক টিকট প্রদান কৰেঃ এম. আৰ আই আহিয়েই পোৱা নাইঃ আই. চি. ইউ, আছে যদিও ৰহস্যজনক কাৰণত ইয়াত ৰোগীক ৰখা নহয়।
শতাব্দ প্ৰতিনিধি, লখিমপুৰ ১৪ জুনঃ উত্তৰ লখিমপুৰ অসামৰিক চিকিৎসালয়খনৰ চৰকাৰে লখিমপুৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়লৈ উন্নীত কৰিলে যদিও এই চিকিৎসা মহাবিদ্যালয়খনৰ আভ্যন্তৰত ঘটি থকা কেতবোৰ কাণ্ড-কাৰখানাই সৰ্ব্বসাধাৰণ ৰাইজৰ চকু কপালত তুলিছে। প্রায় ৫০০ কোটি টকীয়া চিকিৎসা মহাবিদ্যালয়খনৰ নৱনির্মিত ভৱনত ফাটমেলাৰ লগতে একেটা চৌহদতে থকা প্রায় ডেৰশ কোটি টকীয়া কেন্সাৰ চিকিৎসা কেন্দ্ৰত ফলচ চিলিং বহি পৰাৰ দৰে দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হোৱাৰ পিছত শেহতীয়াকৈ লখিমপুৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ আভ্যন্তৰত ঘটি থকা বিভিন্ন বেমেজালিৰ ন ন তথ্য পোহৰলৈ আহিছে। আমাৰ হাতত পৰা তথ্য অনুসৰি এই শ শ কোটিটকীয়া চিকিৎসা মহাবিদ্যালয়খনত এতিয়া আই. চি. ইউ. চলাবলৈ নাই প্রয়োজনীয় টেকনেচিয়ান। যাৰ বাবে এনে এখন বৃহৎ চিকিৎসালয়ত নাৰ্চ আৰু ফাৰ্মাচিষ্টে এই আই. চি. ইউ. অপাৰেট কৰিবলগীয়া হৈছে। তেনেদৰে চিকিৎসা মহাবিদ্যালয়খনৰ অ’ পি. ডিত এতিয়া নাচেই ৰোগীক টিকট প্রদান কৰিবলগীয়া কাৰ্যই চিকিৎসা মহাবিদ্যালয় কর্তৃপক্ষৰ স্বৰূপ উদঙাই তুলিছে। চিকিৎসা মহাবিদ্যালয়খনৰ প্ৰথম মহলাৰ ইমাজেঞ্চি ৱাৰ্ডত বৰষুণৰ পানী পৰা আৰু সেই পানী নিতৌ মেচিনৰ সহায়ত বাহিৰলৈ উলিয়াই পঠোৱাৰ ব্যৱস্থাই মহাবিদ্যালয়খনৰ নিৰ্মাণ কাৰ্যত ৰৈ যোৱা আঁসোৱাহৰ কথাকে প্রমাণ কৰিছে। তাৎপর্যপূর্ণ কথা যে এই চিকিৎসালয়খনত এতিয়া নীতি বর্হিভূতভাবে নার্চেই কেন্দ্রীয় ঔষধালয়ত ৰোগীক ঔষধ প্ৰদান কৰিব লগা কাৰ্যই বিশেষ তাৎপর্য বহন কৰিছে। বৰষুণ দিলে চিকিৎসালয়খনৰ অ’. পি.ডিত পানীৰে উপচি পৰা কাৰ্যই ৰোগী, স্বাস্থ্যকর্মী, চিকিৎসক, অভিভাবক আদি সকলোকে অসুবিধাত পেলাই আহিছে। অতি গুৰুত্বপূৰ্ণ কথা যে চিকিৎসা মহাবিদ্যালয়খনত আই. চি. ইউ, আছে যদিও ৰহস্যজনক কাৰণত ইয়াত ৰোগীক ৰখা নহয়। ইয়াৰ পৰিবৰ্তে প্ৰায়েই এনে ৰোগীক এতিয়াও ডিব্ৰুগড়-গুৱাহাটীলৈহে প্ৰেৰণ কৰি অহা হৈছে। তদুপৰি চিকিৎসা মহাবিদ্যালয়খনত আজি পর্যন্ত কাৰ্ডিঅ’লজিষ্ট, নিউৰ’লজিষ্ট, ইউৰ’লজিষ্ট আদি চিকিৎসক নিয়োগ কৰা নহ’ল। চিকিৎসালয়খনত এই পর্যন্ত আহি নেপালে এম. আৰ আই। যাৰ বাবে এম. আৰ আই কৰিব লগা ৰোগীক গুৱাহাটী, ইটানগৰ আদিলৈ প্ৰেৰণ কৰিব লগা হয়। এই পর্যন্ত চিকিৎসা মহাবিদ্যালয়খনত প্রয়োজনীয় চিকিৎসক, নার্চ, ফার্মাচিষ্ট আদি নিয়োগ নকৰাত চিকিৎসালয়খনত ৰোগীয়ে অসুবিধাৰ সন্মুখীন হৈ আহিছে। পৰিতাপৰ কথা যে লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ পৰা সঘনাই ৰোগীক ডিব্ৰুগড়লৈ প্ৰেৰণ কৰি অহাৰ সময়ত পথতে বহু ৰোগীয়ে মৃত্যু বৰণ কৰিব লগা হৈছে। চিকিৎসালয়খনৰ এক বিশ্বস্ত সূত্ৰই সদৰি কৰা অনুসৰি এই চিকিৎসা মহাবিদ্যালয়খনত এতিয়া নাৰ্চকে ধৰি স্বাস্থ্যকর্মীসকলে কৰ্তব্য পালন কৰাত শংকিত হৈ আহিছে। কিয়নো চিকিৎসা মহাবিদ্যালয়খনৰ নিৰ্মাণ কাৰ্যত ৰৈ যোৱা আঁসোৱাহৰ বাবেই তেওঁলোকে কর্তব্য পালন কৰাত এনেদৰে শংকিত হৈ পৰিছে। চিকিৎসা মহাবিদ্যালয়খনৰ বিভিন্ন ঠাইত এতিয় মজিয়াৰ টাইলছ এৰাই গৈছে। তদুপৰি চিকিৎসা মহাবিদ্যালয়খনত এতিয়া নাৰ্চে ৰোগীক সেৱা কৰি অহাৰ সমান্তৰালভাৱে ৰোগীৰ তেজৰ নমুনা সংগ্ৰহৰ বাবেও নাৰ্চকে ব্যৱহাৰ কৰি অহা হৈছে। ইফালে চিকিৎসা মহাবিদ্যালয় কর্তৃপক্ষৰ দুৰ্বলতাৰ বাবে গৰিষ্ঠ সংখ্যক চিকিৎসকে চিকিৎসা বিভাগৰ এপ্ৰন ব্যৱহাৰ নকৰাৰ ফলত নাৰ্চ-ৰোগী আদিয়ে চিকিৎসকসকলক চিনি পোৱাত অসুবিধাৰ সন্মুখীন হৈ আহিছে। তদুপৰি এই চিকিৎসকসকলে নেমপ্লেট অথবা বেডৱন ব্যৱহাৰ কৰাৰ ক্ষেত্রত তিলমানো গুৰুত্ব প্রদান কৰি অহা নাই।