লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত ৰোগীৰ পৰা ধন সংগ্ৰহ: দুই কৰ্মচাৰী নিলম্বিত

0 13

শতাব্দ প্ৰতিনিধি, লখিমপুৰ,২২আগষ্টঃ বির্তকই লগ নেৰা হৈছে লখিমপুৰ চিকিৎসা মহাবিদ্যালয়খনক। কেতিয়াবা ধন দাবী, কেতিয়া শিশু সলনি, কেতিয়াবা চিকিৎসক-নাৰ্চৰ দুব্যৱহাৰ আকৌ কেতিয়াবা দালালৰাজ! এনেবোৰ কাণ্ডই চিকিৎসা মহাবিদ্যালয়খনৰ বাতৰিৰ শিৰোনাম দখল কৰি আহিছে। শেহতীয়াকৈ চিকিৎসা মহাবিদ্যালয় অব্যাহত থকা একাংশ দালালৰ প্ৰবঞ্চনা কথা পোহৰলৈ আহিছে। এইবাৰ চিটি স্কেনৰ নামত ধন দাবী কৰি নিলম্বন হ’ল দুগৰাকী কৰ্মচাৰী।লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত সংঘটিত হৈছে এই ঘটনা। নিলম্বিত কৰ্মচাৰী দুজন হৈছে ‘স্পন্দন’ নামৰ চিটি স্কেনৰ কৰ্মচাৰী টুলটুল দাস আৰু স্কেন কৰা সংস্থাটোৰ টেক্‌নিচিয়ান ধৈর্য বুঢ়াগোহাঁই। জানিব পৰামতে, চিকিৎসা মহাবিদ্যালয়খনৰ মেডিচিন ৱাৰ্ডত নাৰায়ণপুৰৰ জৰাবাৰীৰ উৰ্মিলা দাস আৰু বিহপুৰীয়া নাহৰআটী থানৰ হেমলতা দাস নামৰ দুগৰাকী ৰোগী চিকিৎসাধীন হৈ আছিল।সেই অনুসৰি চিকিৎসকে দুয়োগৰাকী ৰোগীক চিটি স্কেন কৰিবলৈ কোৱাত ৰোগীৰ অভিভাৱকে চিকিৎসা কক্ষৰ চিটী স্কেনলৈ যায়।তাত দুয়োগৰাকী দুখীয়া ৰোগীৰ পৰা কৰ্মচাৰী দুজনে ১৬শকৈ টকা দাবী কৰা বুলি ৰোগীৰ অভিভাৱকে অভিযোগ কৰে। সেই অনুসৰি নাহৰআটী থানৰ হেমলতা পৰিয়ালে বিষয়টো সংবাদ মাধ্যমক জনাব বুলি কোৱাত তেঁওৰ টকা ঘুৰাই দিয়ে যদিও জৰাবাৰীৰ উৰ্মিলা দাস নামৰ ৰোগী গৰাকীয়ে টকা দিবলৈ বাধ্য হোৱা বুলি চিকিৎসালয় কৰ্তৃপক্ষৰ লগতে সংবাদ মাধ্যমক অভিযোগ কৰে।পিছত দুয়ো কৰ্মচাৰীক নিলম্বন কৰিবলৈ চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষ বাধ্য হয়।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More