লখিমপুৰ জিলা বি জে পিত তীব্ৰ সংঘাত: জিলা সভাপতিৰ বিৰুদ্ধে ৰাজ্যিক সভাপতি লৈ অভিযোগ প্ৰেৰণ

0 46

শতাব্দ প্ৰতিনিধি, লখিমপুৰ ২৯ নৱেম্বৰঃ লখিমপুৰ জিলা বিজেপিত এতিয়া সংঘাত তীব্ৰতৰ হৈ উঠিছে। জিলা সভাপতি ফণীধৰ বৰুৱাৰ বিৰুদ্ধে একাংশ বিষয়ববীয়াই ৰাজ্যিক সভাপতিলৈ প্ৰেৰণ কৰা অভিযোগ পত্ৰই এই কথা স্পষ্ট কৰি তুলিছে। উল্লেখ্য যে লখিমপুৰ জিলা বিজেপিৰ ১১ জন বিষয়ববীয়াই জিলা সভাপতিৰ বিৰুদ্ধে অনাস্থা প্ৰকাশ কৰি এনেদৰে ৰাজ্যিক সভাপতি ভৱেশ কলিতা লৈ অভিযোগ পত্ৰ প্ৰেৰণ কৰিছে। তথ্য অনুসৰি জিলা সভাপতিজনৰ বিভিন্ন কাম-কাজত এই কাযকৰ্তাসকল অসন্তুষ্ট হৈ এনে পন্থা অৱলম্বন কৰিছে। এক প্ৰকাৰে দলৰ ভিতৰতে এতিয়া তীব্ৰ সংঘাতৰ সৃষ্টি হৈছে। জিলা সভাপতি ফণীধৰ বৰুৱাই দলৰ কাৰ্যকৰ্তাসকলক অৱমাননা কৰি বিভিন্ন সময়ত নিজস্ব ভাৱে সিদ্ধান্ত গ্ৰহণ কৰা, নিৰ্দিষ্ট সম্প্ৰদায়ৰ ব্যৱসায়িক বিভিন্ন কাম দিবলৈ বিভাগীয় মন্ত্ৰীলৈ সভাপতিৰ পেডত নাম প্ৰেৰণ কৰা, বিধায়কৰ পৰা দলীয় কৰ্মীক আতৰাই ৰখা, স্থানীয় সাংসদক সহযোগ নকৰা, দলৰ কৰ্মীক ভাল ব্যৱহাৰ নকৰা তথা দলীয় বিভিন্ন বিষয়ববীয়াক কোনো গুৰুত্ব নিদিয়া আদি বহু অভিযোগ প্ৰেৰণ কৰিছে। দুবাৰকৈ দলৰ জিলা সভাপতিৰ দায়িত্বত থকা সভাপতি ফণীধৰ বৰুৱাৰ কাৰ্যকাল আৰু মাত্ৰ এটা মাহ বাকী থকা অৱস্থাত  সভাপতিজনৰ নেতৃত্বত নথকাৰ ইচ্ছা প্ৰকাশ কৰা কাৰ্যই বিশেষ তাপৰ্য বহন কৰিছে। উল্লেখ্য যে লখিমপুৰত জিলা বিজেপিৰ ১৬ জন অফিচ বিয়েৰাৰ আছে আৰু ইয়াৰে ১১ জনেই এনে অভিযোগ পত্ৰত স্বাক্ষৰ কৰি ৰাজ্যিক সমিতিৰ সভাপতি লৈ ব্যৱস্থা গ্ৰহণৰ দাবীত প্ৰেৰণ কৰিছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More