লখিমপুৰ জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত আশা অভিবৰ্তন অনুষ্ঠিত

0 48

উত্তৰ লখিমপুৰ, ২০ মাৰ্চ:  আশা কৰ্মীসকলক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে লখিমপুৰ জিলা স্বাস্থ্য সমিতি, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, লখিমপুৰ জিলাৰ উদ্যোগত আজি আজাদস্থিত নৱজ্যোতি ৰঙ্গমঞ্চত অনুষ্ঠিত হয় আশা অভিবৰ্তন। জিলাখনৰ অতিৰিক্ত উপায়ুক্ত গীতালী দুৱৰাই বন্তি প্ৰজ্জ্বলনৰে উক্ত অনুষ্ঠানৰ শুভাৰম্ভ কৰে। জিলা উপায়ুক্ত সুমিত সাত্তাৱনে মুখ্য অতিথি ৰূপে অনুষ্ঠিত থাকি নিজৰ ভাষণত আশা কৰ্মী সকল স্বাস্থ্য বিভাগৰ মেৰুদণ্ড বুলি অভিহিত কৰি কয় যে আশা কৰ্মী সকলে স্বাস্থ্য বিভাগৰ বিভিন্ন দায়িত্ব যেনে গৰ্ভৱতী মহিলা, নবজাতক সকলৰ চোৱা-চিতা, পৰিয়াল পৰিকল্পনাকে ধৰি বিভিন্ন আঁচনি সমূহৰ সফল ৰূপায়নত প্ৰধান ভূমিকা গ্ৰহণ কৰে। শেহতীয়াকৈ সমগ্ৰ ৰাজ্যৰ লগতে লখিমপুৰ জিলাতো চলি থকা আয়ুষ্মান ভাৰত কাৰ্ডৰ ই-কেৱাইচি অভিযানত সফল্যমণ্ডিত কৰি তুলিবলৈ উপায়ুক্তই আহ্বান জনায়। আশা অভিবৰ্তনত আশা কৰ্মী সকলেও বিভিন্ন সাংস্কৃতিক অনুষ্ঠানেৰে অনুষ্ঠানৰ সৌষ্ঠৱ বৃদ্ধি কৰে । বিশিষ্ট কবি আৰু গল্পকাৰ পংকজ সভাপণ্ডিতে আঁত ধৰা অনুষ্ঠানত নাওবৈছা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত আশা কৰ্মীয়ে জেং বিহু ঢলপুৰৰ আশা কৰ্মীয়ে দেউৰী বিহু, ঘিলামৰাৰ আশা কৰ্মীয়ে জেং বিহু, বগীনদীৰ আশা কৰ্মীয়ে ঝুমুৰ নৃত্য, ঢকুৱাখনাৰ আশা কৰ্মীয়ে মিচিং বিহু আৰু চহৰাঞ্চলৰ আশা কৰ্মীয়ে ফেচন শ্ব’ পৰিবেশন কৰে । আশা অভিৱৰ্তনত কৰ্মক্ষেত্ৰত বিশেষ পাৰদৰ্শিতা দেখুওৱা আশা সকলকো সন্মানিত কৰা হয় । সম্বৰ্ধনা লাভ কৰা আশা কৰ্মীসকল হল ক্ৰমে মণিকা ভূঞা, স্বৰ্ণলি হাজৰিকা বিবি বৰা, মহমুদা বেগম, উমেনাৰী বেগম, ধনমনি বৰা, বুদ্ধেশ্বৰী ভূঞা, মমতাজ বেগম, লখিমী সোণোৱাল, ফিৰোজা বেগম, ৰূপা গগৈ, মণিকা গোহাঁই, নিৰুপমা চেতিয়া, পিংকি দাস, স্নেহলতা সন্দিকৈ, দিপালি দাস, দীপ্তি পাতিৰ, দীপা দত্ত আৰু পাপৰি চাংমাই ।অনুষ্ঠানত উপস্থিত থাকে লক্ষীমপুৰ কেন্সাৰ চেণ্টাৰৰ অধ্যক্ষ ডাক্তৰ গোপাল কুমাৰ পুৰকায়স্থ, লখিমপুৰ মেডিকেল কলেজৰ অতিৰিক্ত অধীক্ষক ডাক্তৰ নিখিল কাকতি,  মুখ্য চিকিৎসা ও স্বাস্থ্য বিষয়া (পৰিয়াল কল্যান) ডাক্তৰ তৰুণ কুমাৰ দেউৰী, আয়ুস অভিযানৰ জিলা আঁচনি প্ৰবন্ধক আইচেংমুঙ  বুঢ়াগোহাঁই, মহকুমা চিকিৎসা ও স্বাস্থ্য বিষয়া, জিলাখনৰ চিকিৎসক, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ বিষয়া কৰ্মচাৰী আৰু আশা কৰ্মী সকল ।

নকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আৰু বগীনদী আদৰ্শ চিকিৎসালয়ত বিশ্ব মুখ স্বাস্থ্য দিৱস উদযাপন

ৰাষ্ট্ৰীয় মুখ স্বাস্থ্য অভিযান, লখিমপুৰ শাখাৰ উদ্যোগত নকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু বগীনদী আদৰ্শ চিকিৎসালয়ত বিশ্ব মুখ স্বাস্থ্য দিৱস উদযাপন কৰা হয় । দিৱস উপলক্ষে ভাষণ দি জিলাখনৰ জ্যেষ্ঠ দন্ত চিকিৎসক জ্ঞানেন্দ্ৰ কার্ডঙে ভাষণত দাঁত তথা মুখৰ যত্ন সম্পৰ্কে বিভিন্ন পৰামৰ্শ আগবঢ়াই তথা দাঁতৰ ওপৰত থকা বিভিন্ন ভ্ৰান্ত ধাৰণা সম্পৰ্কে ৰাইজক সজাগ কৰিবলৈ নিজৰ ভাষণত চেষ্টা কৰে ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More