শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ১০ মে’: ইণ্ডিয়ান ৰেডক্ৰছ ছচাইটিৰ লখিমপুৰ জিলা শাখাৰ মেনেজিং কমিটিখন আজি পুনৰ গঠন কৰা হয়। এই উদ্দেশ্যে আজি লখিমপুৰ জিলা উপায়ুক্তৰ নিৰ্দেশমৰ্মে উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত ৰেডক্ৰছ ছচাইটিৰ এখন বিশেষ সাধাৰণ সভা অনুষ্ঠিত হয়। লখিমপুৰ জিলা উপায়ুক্তৰ হৈ অতিৰিক্ত উপায়ুক্ত গীতালি দুৱৰাৰ সভাপতিত্বত অনুষ্ঠিত সভাত চাৰু বৰাক উপ সভাপতি, ৰাজেশ মালপানীক চেয়াৰমেন, কুলনাথ ভৰালীক ভাইচ চেয়াৰমেন, ৰাজীৱ শৰ্মাক সাধাৰণ সম্পাদক, গডফ্ৰে হেৰেক কোষাধ্যক্ষ, প্ৰশান্ত কুমাৰ মোদকক সাংগঠনিক সম্পাদক, বিনোদ ধানক চেক্ৰেটাৰী (জুনিয়ৰ ৰেডক্ৰছ), হিৰণ্য শৰ্মাক চেক্ৰেটাৰী (য়ুথ ৰেডক্ৰছ), বদন কলিতাক যুটীয়া সম্পাদক, মহিম হাজৰিকা, জিতুমণি বৰা, ৰাজীৱ আলি হাজৰিকা আৰু নিপু কলিতাক কাৰ্যকৰী সদস্য হিচাপে লৈ ৰেডক্ৰছ ছচাইটিৰ মেনেজিং কমিটিখন গঠন কৰা হয়। উল্লেখ্য যে ৰেডক্ৰছ ছচাইটিৰ নিয়ম অনুসৰি জিলা উপায়ুক্ত গৰাকী এই সমিতিৰ সভাপতি হিচাপে নিৰ্বাচিত/ পৰিগণিত হয়।
ছাইন ইন / যোগদান
ছাইন ইন
পাছৱৰ্ড ৰিক’ভাৰ কৰক.
A password will be e-mailed to you.