লখিমপুৰ নগৰলৈ তীব্ৰ ভাবুকি: ৰঙানদীত নীপকোৱে এৰিছে পানী

0 20

লখিমপুৰ নগৰলৈ তীব্ৰ ভাবুকি: ৰঙানদীত নীপকোৱে এৰিছে পানী: বগলীজানত ৰঙা নদীৰ মথাউৰি বিপন্ন: লখিমপুৰত ৬৬ খন গাঁও বানৰ কবলত

শতাব্দ প্ৰতিনিধি, লখিমপুৰ ১৮ জুনঃ ৰাজ্যত নেৰানেপেৰা বৰষুণ অব্যাহত থকাৰ মাজতে লখিমপুৰ জিলাৰ বান পৰিস্থিতি আজিও অপৰিবৰ্তিত হৈ আছে। নীপকোৱে ৰঙা নদীত পানী এৰি দিয়াত বগলীজানত ৰঙা নদীৰ মথাউৰিত তীব্ৰ খহনীয়াৰ সৃষ্টি কৰি উত্তৰ লখিমপুৰ নগৰৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে। ইতিমধ্যে জিলাখনৰ বিহপুৰীয়া, নাওবৈচা, উত্তৰ লখিমপুৰ, কদম আৰু সোৱণশিৰি ৰাজহ চক্ৰৰ অন্তৰ্গত ৬৬ খন গাঁও জলমগ্ন অৱস্থাতে আছে। বিহপুৰীয়া ৰাজহ চক্ৰৰ অন্তৰ্গত ধৰ্মপুৰ, তৰাজুলি, খেৰবাৰী, দৌলতপুৰ, বিহপুৰীয়া গাঁও, চিচাপথাৰ, গড়মূৰকে ধৰি ১৪ খন গাঁও, নাওবৈচা ৰাজহ চক্ৰৰ আহোমনি, গেলাহাটী, বৰগঞা, ভৰলুৱা, বামুনগঞা, বিষ্ণুপুৰ, বোকানৈ, চেঙেলীজান, ম’হঘুলি, পানধোৱা, ৰাণাবাৰী আৰু পাঁচনৈকে ধৰি ৩৮ খন গাঁও, উত্তৰ লখিমপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত আজাৰগুৰি, আমতলা, শান্তিপুৰ, দেওবিল, ১ নং আদৰ্শ হিন্দু গাঁও, কদম ৰাজহ চক্ৰৰ অন্তৰ্গত কদম বাগান গাঁও, কদমিয়াল বঙালি, ন-ভঙনীয়া, নাহৰবাৰী, ৪ নং কাতৰিচাপৰিকে ধৰি ৭ খন গাঁও আৰু সোৱণশিৰি ৰাজহ চক্ৰৰ অন্তৰ্গত হাতীগড় তথা এন চি লেজুৱা গাঁৱৰ বান পৰিস্থিতি আজিও অপৰিবৰ্তিত অৱস্থাতে আছে। ইতিমধ্যে জিলাখনত ৪০,৯৬৫ গৰাকী লোক বানাক্ৰান্ত হোৱাৰ লগতে ৫৪৯.৩০ হেক্টৰ কৃষিভূমি বানত বিধ্বস্ত হৈছে। বানবিধ্বস্ত এলেকাসমূহৰ বিপৰীতে জিলা প্ৰশাসনে পৰ্যাপ্ত হাৰত সাহায্য সামগ্ৰী আগবঢ়োৱা বুলি প্ৰকাশ কৰিছে যদিও দিন হাজিৰা কৰি তথা ঠেলা-ৰিক্সা চলাই পেটে-ভাতে জীৱন নিৰ্বাহ কৰি থকা লোকসকলৰ নেৰানেপেৰা বৰষুণৰ ফলত উপাৰ্জনৰ পথ ৰুদ্ধ হৈ পৰাত হাহাকাৰ পৰিবেশৰ সৃষ্টি হৈছে। ইফালে অৰুণাচল প্ৰদেশৰ দুইমুখস্থিত ডিক্ৰং নদীৰ পাৰে প্ৰকল্পৰ পৰা নিপকো কৰ্তৃপক্ষই যোৱা ১৬ জুনৰ নিশাৰপৰা আজিপৰ্যন্ত ধাৰাবাহিকভাৱেই ১ নং আৰু ২ নং গেটেৰে দিনে-নিশাই পানী এৰি অহাত তথা ৰঙানদী প্ৰকল্পৰ পৰাও পানী মাজে-সময়ে এৰি থকাত নদী দুখনৰ নামনি অংশত বসবাস কৰা লোকসকলৰ মাজত আতংকই বিৰাজ কৰিছে।শেহতীয়াকৈ লখিমপুৰৰ বগলীজানত ৰঙানদীৰ মথাউৰিৰ খহনীয়াই লখিমপুৰ নগৰৰ প্ৰতি তীব্ৰ ভাবুকিৰ সৃষ্টি কৰিছে ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More