লখিমপুৰ-পাপুমপাৰে জিলাৰ বিবদমান সীমান্ত পৰিদৰ্শন স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত- অৰুণাচলৰ শিক্ষা মন্ত্ৰী তেবা টেডিৰ

আন্তঃৰাজ্যিক সীমা-সমস্যাঃ গোমটো-নাওবৈচাত দ্বিপাক্ষিক বৈঠক

0 26

উত্তৰ লখিমপুৰ, ৩ ছেপ্টেম্বৰ: আলোচনা আৰু পাৰস্পৰিক বুজাবুজিৰ মাধ্যমেৰে আন্তঃৰাজ্যিক সীমা-সমস্যাৰ স্থায়ী সমাধান-সূত্ৰ নিৰূপণৰ বাবে অসম আৰু অৰুণাচল প্ৰদেশ চৰকাৰে লোৱা শেহতীয়া যৌথ উদ্যোগৰ অংশ হিচাপে দুয়োখন ৰাজ্যৰ মন্ত্ৰীস্তৰীয় সীমা পৰ্যবেক্ষণ সমিতিয়ে আজি লখিমপুৰ আৰু পাপুমপাৰে জিলাৰ বিবদমান সীমান্ত পৰিদৰ্শন কৰে। IMG 20220903 WA0064অৰুণাচলৰ শিক্ষামন্ত্ৰী তেবা টেডিৰ আৰু অসমৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ যৌথ নেতৃত্বত দুয়োখন ৰাজ্যক প্ৰতিনিধিত্বকাৰী সীমান্ত পৰ্যবেক্ষণ সমিতিৰ সদস্যসকলে শণিবাৰে অসম-অৰুণাচল সীমান্তৰ ১নং গুমটো, ২নং গুমটো, ৰঙাদি, বগলী, ডেংকা, ডেংকাজুলি, বোকা আদি বিবদমান অঞ্চল ভ্ৰমণ কৰি বাস্তৱ পৰিস্থিতিৰ চাক্ষুক বুজ লয়। অৰুণাচল প্ৰদেশৰ দুইমুখ সমষ্টিৰ বিধায়ক টানা হালি তাৰা,লখিমপুৰ জিলাৰ উপায়ুক্ত সুমিত সাত্তাৱান, পাপুমপাৰেৰ উপায়ুক্ত শচীন ৰানাৰ লগতে দুয়োখন জিলাৰ আৰক্ষী অধীক্ষক, অতিৰিক্ত উপায়ুক্ত (ৰাজহ), মাণ্ডলিক বনবিষয়া, ৰাজহ চক্ৰ বিষয়াসকলৰ সৈতে উভয় ৰাজ্যৰ মন্ত্ৰীদ্বয়ে সীমান্তৰ এই ভিতৰুৱা, দুৰ্গম অঞ্চলসমূহ পৰিদৰ্শনৰ সময়ত স্থানীয় গাঁওবুঢ়াৰ লগতে ৰাইজে পূৰ্ণ সহযোগিতা আগবঢ়ায়। পৰিদৰ্শনকালত স্বাস্থ্যমন্ত্ৰী মহন্ত আৰু শিক্ষামন্ত্ৰী টেডিৰে এই গাঁওসমূহৰ বাসিন্দাসকলৰ সৈতে মত বিনিময় কৰি সীমা-সমস্যা সন্দৰ্ভত মতামত গ্ৰহণ কৰাৰ লগতে যাতায়াত, যোগাযোগকে ধৰি তেওঁলোকে সন্মুখীন হৈ অহা বিভিন্ন অসুবিধা আদিৰ বিষয়েও বুজ লয়। ইফালে, আজিৰ এই দিন জোৰা সীমান্ত পৰিদৰ্শনৰ মাজতে উভয় পক্ষই গোমটা আৰু নাওবৈচাত দুবাৰকৈ বৈঠকতো মিলিত হয়। মন্ত্ৰী দুগৰাকীৰ যৌথ অধ্যক্ষতাত হোৱা এই দ্বিপাক্ষিক বৈঠকত দুয়োখন ৰাজ্য চৰকাৰৰ ফালৰ পৰা গঠন কৰি দিয়া সীমা পৰ্যবেক্ষণ সমিতিৰ সদস্যসকলে লখিমপুৰ আৰু পাপুমপাৰে জিলাৰ আন্তঃৰাজ্যিক সীমান্তৰ বিবদমান এলেকাৰ গাঁওসমূহৰ লগতে বনভূমিৰ ক্ষেত্ৰত স্থায়ী আৰু ফলপ্ৰসূ সমাধান-সূত্ৰত উপনীত হোৱাৰ প্ৰয়াসেৰে মুকলিমূৰীয়া তথা সৌহাৰ্দপূৰ্ণ ভাৱে আলোচনা কৰে। উভয় ৰাজ্যৰ মন্ত্ৰীস্তৰীয় সীমান্ত পৰ্যবেক্ষণ সমিতিৰ আজিৰ এই যৌথ পৰিদৰ্শন আৰু বৈঠকৰ পাছত উভয় পক্ষই বিস্তৃত প্ৰতিবেদন প্ৰস্তুত কৰি নিজ নিজ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ বিবেচনাৰ্থে দাখিল কৰিব৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More