লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত আন্তৰ্জাতিক যোগ দিৱস পালন

0 27

উত্তৰ লখিমপুৰঃ ২১ জুনঃ সমগ্ৰ বিশ্বৰ লগতে লখিমপুৰ বাণিজ্য মহাবিদ্যালয়তো আজি আন্তৰ্জাতিক যোগ দিৱস পালন কৰা হয়। সেই উপলক্ষে মহাবিদ্যালয়খনৰ শিক্ষক গোটৰ মহিলা কোষ, ৰাষ্ট্ৰীয় সেৱা আঁচনি গোট, মানসিক আৰু শাৰীৰিক সুস্থতা কোষ আৰু মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ কোষৰ উদ্যোগত আৰু বিবেকানন্দ কেন্দ্ৰ-উত্তৰ লখিমপুৰৰ সহযোগত কৰি যোগাসন অনুষ্ঠিত কৰে। এই যোগ অধিবেশন উদ্বোধন কৰে মহাবিদ্যালয়খনৰ অধ্যক্ষ ড° লোহিত হাজৰিকাই। উদ্বোধনী ভাষণত ড° হাজৰিকাই চলিত বৰ্ষৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ বিষয়বস্তু মানৱতাৰ বাবে যোগ  সন্দৰ্ভত কয় । হিন্দীৰ অৱসৰপ্ৰাপ্ত অধ্যাপক তথা বিবেকানন্দ কেন্দ্ৰ-উত্তৰ লখিমপুৰৰ এজন বিষয়া ডাঃ বীৰেণ কলিতা আৰু নৰ্থ ইষ্ট যোগাসন কেন্দ্ৰৰ সঞ্চালক ইন্দ্ৰেশ্বৰ বৰাই পৰিচালনা কৰা এই যোগ অধিবেশনত মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলে অংশগ্ৰহণ কৰে। সেই উপলক্ষে মহাবিদ্যালয়খনৰ এগৰাকী ছাত্ৰী কৰুণা চাওৰাইও ছাত্ৰ-ছাত্ৰীৰ মাজত যোগাসন অনুষ্ঠিত কৰে। যোগ দিৱসৰ অনুষ্ঠানটোৰ সমন্বয়ক আছিল ডাঃ মঞ্জুমণি শইকীয়া, ডাঃ হৰিণী পাটোৱাৰী দাস, ডাঃ ৰূপজ্যোতি ভট্টাচাৰ্য্য আৰু বাহনিশিখা বৰদলৈয়ে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More