লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত অনুষ্ঠিত তিনিদিনীয়া এছ আই পি অধিবেশন

0 34

উত্তৰ লখিমপুৰ, ২০ আগষ্টঃ লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত নৱাগত স্নাতক ছাত্ৰ-ছাত্ৰীৰ বাবে তিনিদিনীয়া ছাত্ৰ প্ৰবেশ কাৰ্যসূচী (এছ. আই. পি.) অনুষ্ঠিত হৈ যায়। মহাবিদ্যালয়ৰ আভ্যন্তৰীণ গুণগত মান নিশ্চিতকৰণ কোষৰ উদ্যোগত যোৱা ১৬ আগষ্টৰ পৰা ১৮ আগষ্টলৈ আয়োজন কৰা এই এছ আই পি অধিবেশনত যোৱা ১৮ আগষ্টত মহাবিদ্যালয়খনৰ অধ্যক্ষ ড° লোহিত হাজৰিকাই শুভাৰম্ভ কৰে। উদ্বোধনী ভাষণত ড° হাজৰিকাই আদৰণি জনায় বি.কম আৰু বি.এ. প্ৰথম ষাণ্মাসিকৰ নতুনকৈ নামভৰ্তি কৰা সকলো ছাত্ৰ-ছাত্ৰীক মহাবিদ্যালয়ৰ প্ৰতিটো বিভাগৰ শিক্ষক, পুথিভঁৰালৰ কৰ্মচাৰী আৰু কাৰ্যালয়ৰ কৰ্মচাৰীকে ধৰি মহাবিদ্যালয়ৰ প্ৰতিটো দিশৰ সৈতে পৰিচয় কৰাই দিয়া হয়। উদ্বোধনী অধিবেশনত শৈক্ষিক, নতুন শিক্ষা নীতি, পাঠ্যক্ৰম, শিক্ষা বিজ্ঞান, উপস্থিতি, পৰীক্ষা আদিৰ সৈতে জড়িত বিষয়সমূহ ছাত্ৰ-ছাত্ৰীসকলক অৱগত কৰা হয়।
এছ আই পিৰ তিনিওটা দিনতে মহাবিদ্যালয়খনৰ লক্ষ্য, দৃষ্টিভংগী, মূল মূল্যবোধ আৰু আচৰণ বিধিৰ ওপৰত, প্ৰতিটো শৈক্ষিক বিভাগৰ বিষয়ে, পুথিভঁৰালৰ পদ্ধতি আৰু নিয়মাৱলী, পাঠ্যক্ৰম, চিবিচিএছৰ পাঠ্যক্ৰম, বিভিন্ন কোষৰ ওপৰত কাৰ্য্যসূচীৰ বিষয়ে আৰু মহাবিদ্যালয়ৰ প্ৰতিটো কোষ আৰু ক্লাবসমূহ, ছাত্ৰ বৃত্তি আৰু ই-গ্ৰাণ্টৰ তথ্য, কাৰ্যালয়ৰ পদ্ধতি আৰু পৰিচালনা আদিৰ বিষয়ে সেই তিনিদিনত পৰিচিত কৰাই দিয়ে। সমান্তৰালকৈ হোৱা বাণিজ্য আৰু কলা শাখাৰ অন্তিম দিনৰ অনুষ্ঠানত প্ৰথম ষান্মাসিকৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এক প্ৰেৰণাদায়ক ভাষণ প্ৰদান কৰে লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপক ছাজ্জাদ হুছেইনে। দিনটোৰ চূড়ান্ত অধিবেশনত সামৰণি ভাষণ প্ৰদান কৰে মহাবিদ্যালয়খনৰ অধ্যক্ষ ড° লোহিত হাজৰিকাই। তিনিদিনীয়া এছ আই পিৰ বিভিন্ন সত্ৰ পৰিচালনা কৰে উপাধ্যক্ষ জি.কে. চেত্ৰী, আইকিউএচিৰ সমন্বয়ক ড° দাদুল ৰাজকোঁৱৰ, একাউণ্টেন্সি বিভাগৰ ড° দিগন্ত দাস, হিন্দী বিভাগৰ ড° এম.ছিল, অৰ্থনীতি বিভাগৰ ড° শিখামনি বৰগোহাঞি, ইংৰাজী বিভাগৰ ড° হৰিণী পাটোৱাৰী দাস আৰু পংকজ লোচন দাস, সমাজ বিজ্ঞান বিভাগৰ মনোজ তামুলী, মহাবিদ্যালয়খনৰ গ্ৰন্থগাৰিক ৰুণজুন বৰুৱা, মহাবিদ্যালয়খনৰ মুৰব্বী সহায়ক জগত দত্ত, গাণনিক দীপক বৰবৰা আৰু কাৰ্যালয় সহায়ক অনুপ গগৈয়ে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More