লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ সোণালী জয়ন্তী

উদযাপনৰ বাবে সভা অনুষ্ঠিত

0 52

উত্তৰ লখিমপুৰ, ১৮ ডিচেম্বৰঃ গৌৰৱোজ্জ্বল ৫০ বৰ্ষত ভৰি দিয়া উপলক্ষে আজি লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ সোণালী জয়ন্তী উদযাপনৰ বাবে এখন ৰাজহুৱা সভা অনুষ্ঠিত হয়। মহাবিদ্যালয়খনৰ অধ্যক্ষ ড০ লোহিত হাজৰিকাই সভাপতিত্ব কৰা সভাখনিত উদ্দেশ্য ব্যাখ্যা কৰে লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ সহকাৰী অধ্যাপক ড০ হৰিণী পাটোৱাৰী দাসে।  সভাৰ আৰম্ভণিতে মহাবিদ্যালয়খনৰ  ছমহীয়া নিউজ লেটাৰ এল কম্ নিউজ উন্মোচন কৰে মহাবিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি ড° মুহিধৰ পূজাৰীয়ে। বিশিষ্ট শিক্ষাবিদ তথা লখিমপুৰ বালিকা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ড০ মুকুন্দ ৰাজবংশীয়ে মহাবিদ্যালয়খনৰ আগন্তুক সোণালী জয়ন্তী উদযাপনৰ বাবে বিভিন্ন পৰামৰ্শ আৰু উপদেশেৰে সভাত ভাষণ প্ৰদান কৰে।  সভাত লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ ড০ হেমন্ত কুমাৰ বৰুৱা, মহাবিদ্যালয়খনৰ অৱসৰপ্ৰাপ্ত অধ্যাপক নৰেণ শৰ্মা, জিতেন শৰ্মা, ৰামেশ্বৰ তাপাৰিয়া আৰু মহেন্দ্ৰ হাজৰিকায়ো ভাষণ দিয়ে।নৰ্থ লখিমপুৰ মহাবিদ্যালয়ৰ (স্বায়ত্তশাসিত) অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ  ড০ অমিয়া ৰাজবংশী, ধেমাজি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড০ পুষ্প নাথ বৰা, মহাবিদ্যালয়খনৰ  প্ৰাক্তন ছাত্ৰ তথা হাফলং চৰকাৰী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক জিতেন বৰদলৈ, কোম্পানীৰ ছেক্ৰেটেৰী নন্দ কিশোৰ ৰাথী, চাৰ্টাৰ্ড একাউণ্টেণ্ট ৰাম কুমাৰ ছাৰাফ, বিশিষ্ট ব্যৱসায়ী মুনীন শইকীয়া আৰু লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত কাৰ্যালয় অধীক্ষক ইন্দ্ৰমণি ৰাজকুমাৰ, অৱসৰপ্ৰাপ্ত শিক্ষক পদ্ম শৰ্মা বৰুৱা, প্ৰফুল্ল শৰ্মা, অধিবক্তা মাধৱ গগৈকে ধৰি কেইবাজনো লোকে সোণালী জয়ন্তী সন্দৰ্ভত বিভিন্ন পৰামৰ্শৰ সৈতে বৈঠকত ভাষণ প্ৰদান কৰে  সভাত ড০ মুকুন্দ ৰাজবংশীক সভাপতি, অধ্যক্ষ ড০ লোহিত হাজৰিকাক সম্পাদক, প্ৰাক্তন ছাত্ৰ মুনিন শইকীয়াক কাৰ্যকৰী সভাপতি আৰু প্ৰাক্তন ছাত্ৰ ৰমেশ বাজাজক কোষাধ্যক্ষ হিচাপে লৈ সোণালী জয়ন্তী উদযাপন সমিতি গঠন কৰা হয়।  পৰৱৰ্তী বৈঠকসমূহত আৰু সমিতি গঠন কৰা হ’ব বুলিও বৈঠকত ঘোষণা কৰা হয়। সভাৰ কাৰ্য্যসূচী আঁত ধৰে  মহাবিদ্যালয়খনৰ ৰাজনৈতিক বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক কুলদীপ নাৰায়ণ দত্তই।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More