লখিমপুৰ বালিকা মহাবিদ্যালয়ত প্ৰদৰ্শনী

0 19
শতাব্দ প্ৰতিনিধি, লখিমপুৰ ১৮ জুনঃ লখিমপুৰ বালিকা মহাবিদ্যালয়ৰ গার্হস্থ্য বিজ্ঞান বিভাগৰ সৌজন্যত ”জেউতি আত্মসহায়ক গোট” আৰু “সমন্বয় মহিলা আত্মসহায়ক গোট” ৰ লগতে উত্তৰ লখিমপুৰ মহাবিদ্যালয়ৰ গার্হস্থ্য বিজ্ঞান বিভাগৰ স্কীল হাবৰ সহায়ত আজি এক প্রদর্শনী অনুষ্ঠিত হয়। উক্ত প্রদর্শনীত লখিমপুৰ বালিকা মহাবিদ্যালয়ৰ গার্হস্থ্য বিজ্ঞান বিভাগৰ স্নাতক দ্বিতীয় ষান্মাষিক,  চতুৰ্থ ষান্মাষিক, ষষ্ঠ ষান্মাষিক আৰু স্নাতকোত্তৰ দ্বিতীয় ষান্মাষিক আৰু চতুৰ্থ ষান্মাষিকৰ ছাত্র-ছাত্রীসকলৰ লগতে বিভাগৰ প্ৰাক্তন-ছাত্ৰীয়েও অংশগ্রহণ কৰে। এই প্রদর্শনস্থলীত আত্মসহায়ক গোটদ্বয়, স্কীল হাব আৰু বিভাগসমূহৰ ছাত্র-ছাত্রীয়ে নিজৰ কৌশলেৰে প্রস্তুত কৰি উলিওৱা বিভিন্ন সামগ্রীসমূহ প্রদর্শন কৰাৰ লগতে বিক্ৰীও কৰ‍ে। প্রদর্শনীৰ দ্বাৰ উন্মোচন কৰি মহাবিদ্যালয়ৰ অধ্যক্ষ ড° সুৰজিত ভূঞাই বিভাগীয় এনে প্রচেষ্টাৰ শলাগ লয়। মহাবিদ্যালয়ৰ বিভিন্ন বিভাগৰ সকলো অধ্যাপক-অধ্যাপিকাৰ লগতে মহাবিদ্যালয়ৰ সকলো সদস্য উপস্থিত থাকি সকলোকে উৎসাহ যোগায়।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More